কামাখ্যা ধামত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, নিৰ্বাচনৰ পূৰ্বে বিচাৰিলে মা কামাখ্যাৰ আশীৰ্বাদ | maharashtra cm eknath shinde visits maa kamakhya tample ahead of polls Assam news - Assam Tv9

কামাখ্যা ধামত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, নিৰ্বাচনৰ পূৰ্বে বিচাৰিলে মা কামাখ্যাৰ আশীৰ্বাদ

Updated On: 

23 Oct 2024 20:25 PM

কামাখ্যা ধামত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে। মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে মন্দিৰ চৌহদ পৰিদৰ্শন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীজনৰ পৰিয়ালৰ ১৩ জনীয়া সদস্যৰ দলে। মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে মা কামাখ্যা দৰ্শন।

1 / 5২০

২০ নৱেম্বৰত মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচন ৷ মঙলবাৰে গুৱাহাটীত উপস্থিত হৈ আজি কামাখ্যা দেৱালয়ত আশিস ল'লে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেই।

2 / 5

মঙলবাৰে নিশা এদিনৰ বাবে গুৱাহাটীত উপস্থিত হৈছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকী । নিশা গুৱাহাটীৰ ৰেডিশ্যন ব্লু হোটেলত কটাই পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ বাবে নীলাচল পাহাৰত উপস্থিত হয়।

3 / 5

সাংবাদিকৰ আগত সমাগত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি মতামত ব্যক্ত কৰে মুখ্যমন্ত্ৰী একনাথ সিন্ধেই ৷ মা কামাখ্যাৰ আৰ্শীবাদত নিৰ্বাচনত জয়ী হৈ পুনৰ শাসনত আহিব বুলিও মন্তব্য কৰে জ্যেষ্ঠ ৰাজনীতিবিদজনে ৷

4 / 5

সিন্দেই কয় - “কামাখ্যা মাৰ দৰ্শন কৰি মই সুখী আনন্দিত ৷ যোৱাবাৰ চৰকাৰ গঠনৰ পূৰ্বে আৰু তাৰ পিছতো কামাখ্যা দৰ্শন কৰিবলৈ আহিছিলো ৷ এইবাৰে কামাখ্যা মাৰ আশীৰ্বাদ লৈ ইয়াৰ পৰা যাম ৷ এই পৰাই আমাৰ কামৰ সূচনা হ’ব ৷”

5 / 5

ইতিমধ্যে অসমৰ পৰা ৰাওনা হৈছে একনাথ সিন্ধে। গৃহাভিমুখী যাত্ৰাৰ প্ৰাকক্ষণত গুৱাহাটী বিমান বন্দৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীক বিদায় জনাই মন্ত্ৰী অশোক সিংঘালে।

গৰুড় পুৰাণৰ মতে, মৃত্যুৰ পূৰ্বে এজন ব্যক্তিয়ে লাভ কৰে এই ৫টা সংকেত!
ভাত কেৰেলা খাই ভাল পায় নে ? জানক ভাত কেৰেলাৰ উপকাৰিতাৰ বিষয়ে...
LICৰ আকৰ্ষণীয় পলিচি: এবাৰতে পাব ২৪ লাখ টকা
আৰ্থিক সমস্যা দূৰ কৰিবলৈ ঘৰ মোচা পানীত মিহলি কৰক এই সামগ্ৰী...