10 Jun 2024 09:21 AM
অতি গৰমত শীতল পানীয় আৰু আইচক্ৰীমৰ বাহিৰে আন একো খোৱাটো ভাল নহয়। এতিয়া ঘৰতে বনাওক বিশেষ আইচক্ৰীম ।
বহুতে গাখীৰ বা চকলেট আইচক্ৰীম তৈয়াৰ কৰে। এতিয়া গৰমৰ প্ৰিয় ফলৰ সৈতে আমৰ আইচক্ৰীম বনাব পাৰিব ।
আমৰ আইচক্ৰীমৰ বাবে পকা আম, পাউডা গাখীৰ , ক্ৰীম, আইচিং চুগাৰ আৰু পানীৰ প্ৰয়োজন। বাকীখিনি সামগ্ৰী আমৰ পৰিমাণ অনুযায়ী ব্যৱহাৰ কৰিব লাগে ।
২টা পকা আম লৈ ৩ চামুচ পাউডা গাখীৰ, আধা কাপ হুইপিং ক্ৰীম আৰু ৩ চামুচ আইচিং চুগাৰ দিব।
প্ৰথমে আমখিনি ভালদৰে ধুই টুকুৰা টুকুৰকৈ কাটি লওক। এতিয়া আমৰ টুকুৰাবোৰ পাউডা গাখীৰ আৰু পানীৰ লগত মিহলাই মিক্সাৰত একেলগে মিহলাই লওক ।
কাঁচৰ বাটি এটাত আইচিং চুগাৰ আৰু হুইপিং ক্ৰীম একেলগে মিহলাই লওক। এতিয়া লাহে লাহে মিশ্ৰণটো বিটাৰত দি বিট কৰক ।
এতিয়া মিশ্ৰিত আমখিনি হুইপিং ক্ৰীমৰ মিশ্ৰণটোত ঢালি দিব। আমৰ পেষ্টখিনি মিশ্ৰণটোৰ লগত ভালদৰে মিহলাই লওক।
এতিয়া গোটেই মিশ্ৰণটো ফ্ৰীজত কমেও ৮ ঘণ্টা ৰাখিব। ৰাতিটো ৰাখিলে ভাল। এইদৰে তৈয়াৰ কৰিব পাৰিব আমৰ আইচক্ৰীম ।