প্ৰথমবাৰৰ বাবে বিহু মঞ্চত সংগীতানুষ্ঠান কৰিবলৈ সাজু বংগ কন্যা মৰ্মিতা মিত্ৰ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে অনুষ্ঠানৰ তালিকা | Marmita Mitra is ready to perform on the Assam Rongali Bihu stage for the first time Assam news - Assam Tv9

প্ৰথমবাৰৰ বাবে বিহু মঞ্চত সংগীতানুষ্ঠান কৰিবলৈ সাজু বংগ কন্যা মৰ্মিতা মিত্ৰ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে অনুষ্ঠানৰ তালিকা

Updated On: 

03 Apr 2025 20:29 PM

মৰ্মিতা বুলি ক’লে হয়তো বৰ্তমান সময়ত চিনি নোপোৱা মানুহ অসমত নোলাব। জুবিন গাৰ্গৰ একান্ত অনুৰাগী মৰ্মিতাই প্ৰতিখন অনুষ্ঠানতে জুবিনৰ গানেৰে মন্ত্ৰমুগ্ধ কৰিছে অসমৰ শ্ৰোতা-দৰ্শকক। প্ৰথমবাৰ ৰঙালীৰ মঞ্চত সংগীতানুষ্ঠান কৰিবলৈ সাজু বংগ কন্যা মৰ্মিতা মিত্ৰ। আজি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে অনুষ্ঠানৰ তালিকা।

1 / 5ব’হাগলৈ মাজত মাত্ৰ কিছু দিন, অসমৰ চুকে-কোণে জনপ্ৰিয়তা বাঢ়িছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ। বিতৰ্কয়ো জনপ্ৰিয়তা হ্ৰাস কৰিব পৰা নাই বংগ কন্যা মৰ্মিতা মিত্ৰৰ।

ব’হাগলৈ মাজত মাত্ৰ কিছু দিন, অসমৰ চুকে-কোণে জনপ্ৰিয়তা বাঢ়িছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ। বিতৰ্কয়ো জনপ্ৰিয়তা হ্ৰাস কৰিব পৰা নাই বংগ কন্যা মৰ্মিতা মিত্ৰৰ।

2 / 5

মৰ্মিতা বুলি ক’লে হয়তো বৰ্তমান সময়ত চিনি নোপোৱা মানুহ অসমত নোলাব। জুবিন গাৰ্গৰ একান্ত অনুৰাগী মৰ্মিতাই প্ৰতিখন অনুষ্ঠানতে জুবিনৰ গানেৰে মন্ত্ৰমুগ্ধ কৰিছে অসমৰ শ্ৰোতা-দৰ্শকক।

3 / 5

জুবিন গাৰ্গৰ সংগীত পৰিৱশেন কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে অসমত। অসমৰ ৰাইজেও আঁকোৱালি লৈছে পশ্চিম বংগৰ কন্যা তথা অসমৰ বোৱাৰী মৰ্মিতাক। দৰ্শকৰ সহাঁৰিত অভিভূত হৈ এইবাৰ বিহু মঞ্চ কঁপাবলৈ সাজু মৰ্মিতা।

4 / 5

বংগ কন্যাগৰাকীয়ে অসমীয়া ভাষা শিকাৰ লগতে অসমীয়া গীত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে। বৰ্তমান মৰ্মিতাই অসমীয়া মেখেলা-চাদৰো পিন্ধিবলৈ শিকিছে। ৰঙালী বিহুৰ অনুষ্ঠান বুকিঙৰ বাবে যেন এতিয়া মৰ্মিতাৰ ওচৰত ভিৰ কৰিছে বিহু কমিতিৰ সদস্যসকল।

5 / 5

প্ৰথমবাৰ বাবে বিহু মঞ্চত সংগীত পৰিৱেশন কৰিবৰ বাবে পূৰ্ণোদ্যমেৰে সাজু কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ। এইবাৰ কিমানখন বিহু মঞ্চত গীত পৰিৱেশন কৰিব মৰ্মিতাই তাৰ তালিকা সামাজিক মাধ্যমত আজি প্ৰকাশ কৰিছে। ইয়াৰ পিছতে চৌদিশে আকৌ এবাৰ আৰম্ভ হৈছে মৰ্মিতাৰ চৰ্চা।

কণ্ডম ব্যৱহাৰৰ ফলত হ'ব পাৰে ডাঙৰ ক্ষতি! জানক সকলো
সপোনত ভগৱান হনুমানক দেখাটো কিহৰ সংকেত?
কেতিয়াৰ পৰা আৰম্ভ হ'ব বাবা অমৰনাথ যাত্ৰা ২০২৫?
এই ৫টা ফৰ্মূলাই ৰাহি কৰিব আপোনাৰ ধন! আজিয়ে গ্ৰহণ কৰক