Maruti Suzuki Dzire: মাৰুতি চুজুকি চুইফটৰ চতুৰ্থ প্ৰজন্মৰ মডেলৰ পিছত এতিয়া নতুন মাৰুতি চুজুকি ডিজায়াৰ। নতুন চুইফটৰ আধাৰত কোম্পানীটোৱে নতুন Dezire প্ৰৱৰ্তন কৰিব। অৱশ্যে এতিয়ালৈকে বাহনখনৰ মুকলিৰ তাৰিখ প্ৰকাশ পোৱা নাই।
Maruti Suzuki Baleno Facelift: মাৰুতি চুজুকিয়ে এইবাৰ বেলেনোৰ ফেচলিফ্ট সংস্কৰণ মুকলি কৰিব পাৰে। এই বাহনখন অহা ছেপ্টেম্বৰ মাহত বজাৰলৈ আহিব পাৰে।
Maruti Suzuki Grand Vitara 7 Seater: মাৰুতিৰ বিলাসী এছ ইউ ভি গ্ৰেণ্ড ভিটাৰাৰ ৭ ছিটাৰেও ভাৰতৰ বজাৰত উপলব্ধ হ’ব। প্ৰকাশিত খবৰ অনুসৰি ২০২৫ চনৰ আৰম্ভণিতে মুকলি হ’ব পাৰে নতুন গ্ৰেণ্ড ভিটাৰা ৭ ছিটাৰ এছ ইউ ভি।
Maruti Suzuki Fronx Hybrid: মাৰুতি চুজুকি ৰ এছ ইউ ভি ফ্ৰনক্স হাইব্ৰিড সংস্কৰণেও প্ৰৱেশ কৰিব ভাৰতীয় বজাৰত। হাইব্ৰিড মডেলৰ ইঞ্জিনৰ লগতে এই বাহনখন বেটাৰী চালিত মটৰতো উপলব্ধ হ’ব। অহা বৰ্ষতে মুকলি হ’ব পাৰে এই বাহনখন।
Maruti Suzuki eVX:মাৰুতি চুজুকিৰ প্ৰথমখন ইলেক্ট্ৰিক গাড়ী EVXও অহা বৰ্ষতে মুকলি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ একক চাৰ্জ ৰেঞ্জ ৫৫০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে।