পীযুষ হাজৰিকাই লিখিছে- আজিৰ এই বিশেষ দিনটোত আমি একেলগে পাৰ কৰা দিনকেইটাৰ প্ৰতিচ্ছবি মোৰ চকুৰ সন্মুখত ভাঁহি আহিছে আইমী। চকুৰ পলকতে যেন পাৰ হৈ গৈছে বহুকেইটা মায়াময় বছৰ, কিন্তু এনে লাগে যেন সৌ সিদিনাহে আমি দুয়ো একেলগে সুখে-দুখে থকাৰ পণ লৈছিলোঁ। প্ৰতিটো প্ৰত্যাহ্বানৰ মাজতে মোৰ প্ৰতি তোমাৰ সমৰ্থনত মই পাওঁ অফুৰন্ত সাহস, হাতে হাত ধৰি আগুৱাই যাবলৈ পাওঁ শক্তি। আজি এই বিশেষ দিনটোত আমি আমাৰ প্ৰেম উদযাপন কৰিছোঁ, আগন্তুক দিনকেইটা যাতে অধিক সুমধুৰ হওক তাৰ বাবে কামনা কৰিছোঁ।