মোক ক্ষমা কৰক: সামাজিক মাধ্যমযোগে ৰাইজৰ ওচৰত অখিল গগৈৰ ক্ষমা প্ৰাৰ্থনা | mla akhil gogoi apologise for a communal comment Lakhimpur Assam post share on social media Assam news - Assam Tv9

মোক ক্ষমা কৰক: সামাজিক মাধ্যমযোগে ৰাইজৰ ওচৰত অখিল গগৈৰ ক্ষমা প্ৰাৰ্থনা

Published: 

27 Apr 2025 16:07 PM

ৰাজ্যত এতিয়া বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী সকলো। ইয়াৰ মাজতে বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিল অখিল গগৈ।

1 / 5নিৰ্বাচনী প্ৰচাৰৰ মাজতে লখিমপুৰত অখিল গগৈয়ে কৰা এক মন্তব্যক লৈ সূত্ৰপাত হৈছে বিতৰ্কৰ। যাৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিধায়ক অখিল গগৈৰ।

নিৰ্বাচনী প্ৰচাৰৰ মাজতে লখিমপুৰত অখিল গগৈয়ে কৰা এক মন্তব্যক লৈ সূত্ৰপাত হৈছে বিতৰ্কৰ। যাৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিধায়ক অখিল গগৈৰ।

2 / 5

অখিল গগৈয়ে কৈছিল, “বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ। তেওঁলোক ধাৰ্মিক মুছলমান হ’ব নোৱাৰে। যি মুছলমানে বিজেপিক ভোট দিছে তেওঁ নৰকলৈ যাব, আল্লাই শাস্তি দি মাৰিব।”

3 / 5

এই মন্তব্যৰ পাছতে একাংশৰ ৰোষত পৰে অখিল গগৈ। তাৰ পাছতে সামাজিক মাধ্যমত এক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি ক্ষমা বিচাৰিলে বিধায়কগৰাকীয়ে।

4 / 5

ভিডিঅ’ বাৰ্তাটোত অখিল গগৈয়ে কয়, "মোক ক্ষমা কৰক। মই ভুল কৰিছিলো আৰু সেইবাবে ৰাইজৰ ওচৰত নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা কৰিলোঁ"।

5 / 5

ইফালে বিধায়ক অখিল গগৈৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল। গোলাঘাটৰ সৰুপথাৰ থানাত এজাহাৰ দাখিল চফিউল আহমেদৰ। অখিল গগৈৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান।

মুখৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি? সবিশেষ জানক
সোৱাদত তিতা কেৰেলাৰ জুচে দেহত কৰে এনে উপকাৰিতা, লিভাৰেও পায় সুৰক্ষা
কাৰ সৈতে ৰে’লত ভ্ৰমণ কৰিব বিচাৰে কোহলীয়ে? জানিলে আপুনিও হ’ব আচৰিত…
গ্ৰীষ্মকালত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়, কেনেকৈ ল'ব হৃদযন্ত্ৰৰ যত্ন ?