ফ্ৰান্স ভ্ৰমণ সামৰি আমেৰিকালৈ প্ৰধানমন্ত্ৰী মোদী, কাইলৈ সাক্ষাৎ কৰিব ট্ৰাম্পক... | modi in france see the photo of ai summit shared by modi Assam news - Assam Tv9

ফ্ৰান্স ভ্ৰমণ সামৰি আমেৰিকালৈ প্ৰধানমন্ত্ৰী মোদী, কাইলৈ সাক্ষাৎ কৰিব ট্ৰাম্পক…

Published: 

12 Feb 2025 11:15 AM

তিনিদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়চোৱাত তেওঁ কেইবাখনো বৈঠকত মিলিত হয়। ইয়াৰ পাছতে মোদী আমেৰিকালৈ উৰা মাৰিব।

1 / 5তিনিদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়চোৱাত পেৰিছত অনুষ্ঠিত হোৱা কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত সহ-অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰোপৰি  ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় মোদী।

তিনিদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়চোৱাত পেৰিছত অনুষ্ঠিত হোৱা কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত সহ-অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰোপৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় মোদী।

2 / 5

ইয়াৰোপৰি মোদীয়ে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জেডি ভেন্সৰ সৈতে আলোচনাত মিলিত হয়। এই সময়চোৱাত মোদীয়ে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ পুত্ৰৰ জন্মদিন উদযাপন কৰে। মোদীয়ে উপ-ৰাষ্ট্ৰপতি জেডি ভেন্স আৰু তেওঁৰ পৰিয়ালৰ সৈতে ফটো সামাজিক মাধ্যমত পোষ্ট কৰিছে।

3 / 5

পেৰিছত অনুষ্ঠিত এ আই এক্সন চাবমিটত মোদীৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ উচ্চপৰ্যায়ৰ নেতা, মন্ত্ৰী, ৰাষ্ট্ৰপতি আদিয়ে অংশ গ্ৰহণ কৰে। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, দেশখনত উপস্থিত উচ্চ পৰ্যায়ৰ নেতা, ৰাষ্ট্ৰপতিসকলৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ত বৈঠকত অংশ গ্ৰহণ কৰে মোদীয়।

4 / 5

নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ মাৰ্চেইল চহৰত উপস্থিত হোৱাৰ লগে লগে ভাৰতৰ স্বাধীনতা সংগ্ৰামত ইয়াৰ ঐতিহাসিক গুৰুত্ব স্বীকাৰ কৰে। তেওঁ বীৰ সাৱৰকাৰৰ সাহসী পলায়নৰ চেষ্টাৰ কথা মনত পেলাই সেই গুৰুত্বপূৰ্ণ সময়ত তেওঁক সমৰ্থন কৰা ফৰাচী কৰ্মীসকলৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে।

5 / 5

ইয়াৰোপৰি ফ্ৰান্সত থকা ভাৰতীয়মূলৰ লোকসকলকো সম্বোধন কৰে মোদী। পেৰিছ ভ্ৰমণ সমাপ্ত কৰি মোদী উৰা মাৰিব আমেৰিকালৈ। তাতেই তেওঁ বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?