বাৰিষাৰ কালত স্বাস্থ্যৰ যতন লোৱাটো অতি প্ৰয়োজন, ৫ টা কথা মনত ৰাখক | Monsoon Health Tips: Follow These Five Nutrition Tips To Avoid Health Issues During Monsoon Assam news - Assam Tv9

Monsoon Health Tips: বাৰিষাৰ কালত স্বাস্থ্যৰ যতন লোৱাটো অতি প্ৰয়োজন, মনত ৰাখক এই পাঁচটা কথা

Updated On: 

02 Jul 2024 18:55 PM

Monsoon Health Tips: বাৰিষাৰ কালত স্বাস্থ্যৰ যতন লোৱাটো এতি প্ৰয়োজন । এই সময়ত শৰীৰত অনেক ৰোগে দেখা দিয়ে । জ্বৰ, কাহ, চৰ্দি আদি সমস্যাবোৰ থাকেই । গতিকে কেইটামান কথা মনত ৰাখিলে বাৰিষাৰ সময়খিনি অতি সুন্দৰকৈ উপভোগ কৰিব পাৰিব ।

1 / 8বাৰিষাৰ দিন কেইটাত ঘৰত জুতি লগাই খাদ্য খোৱা অভ্যাস সকলোৰে আছে । এই দিন কেইটাত লোকেল মাছৰ আঞ্জাই সকলোৰে তৃপ্তি পূৰণ কৰে ।

বাৰিষাৰ দিন কেইটাত ঘৰত জুতি লগাই খাদ্য খোৱা অভ্যাস সকলোৰে আছে । এই দিন কেইটাত লোকেল মাছৰ আঞ্জাই সকলোৰে তৃপ্তি পূৰণ কৰে ।

2 / 8

ঘৰত বহি বৰষুণ উপভোগ কৰি ভাল লাগে। পানী আৰু বোকাত ৰাস্তাত ওলাই যাবলৈ মন নাযায়। কিন্তু এই বাৰিষাৰ দিনটোত চৰ্দি, কাহ, ডায়েৰিয়া আদি কেইবাটাও ৰোগৰ আশংকা বৃদ্ধি পায়।

3 / 8

বাৰিষা ভাল হ’লেও এই বতৰত শৰীৰত অনেক ৰোগে দেখা দিয়ে । ৰোগৰ পৰা হাত সাৰিবলৈ বৰষুণত তিতিব নালাগে। লগতে খোৱা-বোৱা ক্ষেত্ৰত সচেতন হ’ব লাগে।

4 / 8

শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন চি অতি প্ৰয়োজনীয়। ছাইট্ৰাছ ফলৰ পৰা পুষ্টিকৰ উপাদান সহজেই পোৱা যায়। গতিকে এই বতৰত ফলমূল আৰু শাক-পাচলি খাব লাগে।

5 / 8

বাৰিষাৰ খাদ্য তালিকাত টেঙা দৈ ৰাখক। দৈ, মাখন আদিয়ে সু-স্বাস্থ্য ধৰি ৰাখিবলৈ সহায় কৰে । ডায়েৰিয়া, পেট বেয়া হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে।

6 / 8

এই সময়ছোৱাত বিশুদ্ধ খোৱা পানী খাব । পাৰিলে পানী গৰম কৰি খাব । ই আপোনাক বহু ৰোগৰ পৰা আঁতৰাই ৰাখিব।

7 / 8

ঋতু অনুসৰি ফলমূল আৰু শাক-পাচলি খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

8 / 8

বাৰিষাৰ সময়ত ফাষ্টফুডৰ পৰা আঁতৰত থাকক । ফাষ্টফুডে পেট বেয়া কৰাৰ সম্ভাৱনা বেছি কৰে । ইয়াৰ উপৰিও ৰক্তচাপ, কলেষ্টেৰল, ডায়েবেটিছ আদি ৰোগৰো আশংকা থাকে।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?