দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ নাম, সমীক্ষাত পালে প্ৰকাশ | mood of nation survey assam cm himanta biswa sarma name on best cm of india Assam news - Assam Tv9

দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ নাম, সমীক্ষাত পালে প্ৰকাশ…

Published: 

13 Feb 2025 17:34 PM

Best CM: দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ নাম। শেহতীয়াকৈ মুড অৱ দ্যা নেশ্যন নামৰ এটা সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে। অৱশ্যে শীৰ্ষত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

1 / 5দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে চলোৱা সমীক্ষা মুড অৱ নেশ্যনত প্ৰকাশ পাইছে এই তথ্য। শৰ্মাই ৫৫.৪ শতাংশ ৰেটিঙেৰে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে চলোৱা সমীক্ষা মুড অৱ নেশ্যনত প্ৰকাশ পাইছে এই তথ্য। শৰ্মাই ৫৫.৪ শতাংশ ৰেটিঙেৰে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

2 / 5

সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি হিমন্ত বিশ্বৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পাইছে। শৰ্মাৰ জনপ্ৰিয়তা আগষ্ট ২০২৩-ত ৪৯.২ শতাংশৰ পৰা বৃদ্ধি পাই ফেব্ৰুৱাৰী ২০২৪-ত ৪৮.৬ শতাংশ আৰু আগষ্ট ২০২৪-ত ৫০.৮ শতাংশ হৈছেগৈ। এই সমীক্ষাই প্ৰমাণ কৰে যে শৰ্মাৰ জনপ্ৰিয়তা পূৰ্বতকৈ বৃদ্ধি পাইছে।

3 / 5

এই সন্দৰ্ভত বিজেপি অসম প্ৰদেশে ফেচবুকত ফটো শ্বেয়াৰ কৰি লিখে যে- "দেশৰ আগশাৰীৰ সংবাদগোষ্ঠী India Today গোষ্ঠীৰ 'Mood of the Nation' সমীক্ষাত দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ স্থানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া"। হিমন্ত বিশ্ব শৰ্মাই ৫৫.৪ শতাংশ ভোট পোৱাৰ বিপৰীতে চন্দ্ৰবাবু নাইডুয়ে ৪৬.৯ শতাংশ আুৰু মমতা বেনাৰ্জীয়ে লাভ কৰে ৪৬.৯ শতাংশ ভোট।

4 / 5

এই সন্দৰ্ভত মন্ত্ৰী পিযুষ হাজৰিকাই লিখে যে- এই সমীক্ষাই তেখেতৰ কঠোৰ পৰিশ্ৰম, ক্ষিপ্ৰ সিদ্ধান্ত-গ্ৰহণ প্ৰক্ৰিয়া আৰু জনকল্যাণমূলক পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত থকা বিচক্ষণতাকে প্ৰতিফলিত কৰে। সেয়েহে আমাৰ জননেতাগৰাকীৰ ওপৰত অসমবাসীৰ অপৰিসীম আস্থা আৰু বিশ্বাস অব্যাহত আছে।

5 / 5

এই সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে লিখে যে- এই ফলাফল তেখেতৰ কঠোৰ পৰিশ্ৰম, ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ আৰু জনকল্যাণমূলক পদক্ষেপৰ প্ৰতিফলন। এই সমীক্ষা প্ৰকাশ পোৱাৰ পাছতে বিভিন্নজনে মুখ্যমন্ত্ৰীগৰাকীক শুভকামনাৰে উপচাই পেলাইছে।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?