শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানলৈ গৈ পাকিস্তানীক উপহাস কৰা বলীউডৰ এগৰাকী মুছলমান অভিনেতা, ৰাষ্ট্ৰপতিয়ে নিষিদ্ধ কৰিছিল তেওঁৰ প্ৰৱেশ!

বিগত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত বহু নিৰীহ লোকে নিজৰ প্ৰাণ হেৰুৱাইছে। তেতিয়াৰ পৰাই দেশত বিৰাজ কৰিছে ক্ষোভৰ পৰিৱেশে। ইয়াৰ মাজতে ভাইৰেল হৈ পৰিছে ২০০৬ চনৰ এটা ঘটনা, য’ত এজন মুছলমান অভিনেতাই পাকিস্তানলৈ গৈ ভাৰতৰ প্ৰশংসা কৰিছিল, তাৰ পিছত অভিনেতাজনক পাকিস্তানত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

trishna-kalita
Trishna Kalita | Published: 29 Apr 2025 15:53 PM
২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত এক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়। য'ত বহু নিৰীহ লোকক তেওঁলোকৰ ধৰ্ম সুধি হত্যা কৰা হৈছিল। যাক লৈ এতিয়া ক্ষোভত জ্বলিছে দেশৰ জনতা। দেশৰ সকলো ঠাইতে পাকিস্তানক উচিত শিক্ষা দিয়াৰ চৰ্চা চলিছে। আনকি চিনেমাৰ তাৰকাসকলেও নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। কিন্তু বলীউডৰ সেইগৰাকী খলনায়কক আপুনি চিনি পায়নে? যি পাকিস্তানলৈ গৈ তেওঁলোকক লাজত পেলাইছিল।

1 / 7
হিন্দী ছবিত এনে  বহু খলনায়ক আছে, যিয়ে নায়কতকৈ অধিক চৰ্চা লাভ কৰিছে। তাৰে এজন হৈছে ফিৰোজ খান। যিয়ে চিনেমা জগতত এক দীঘলীয়া ইনিংছ খেলিছিল। তেওঁক কেতিয়াবা নায়কৰ চৰিত্ৰত দেখা গৈছিল আৰু কেতিয়াবা খলনায়কৰ চৰিত্ৰত। কিন্তু ২০০৬ চনৰ এটা কাণ্ড যথেষ্ট ভাইৰেল হৈ পৰিছে, যেতিয়া তেওঁক পাকিস্তানে আমন্ত্ৰণ জনাইছিল।

2 / 7
ভাতৃ আকবৰ খানৰ ছবি ‘তাজমহল’ৰ প্ৰচাৰৰ বাবে পাকিস্তানত উপস্থিত হৈছিল ফিৰোজ খান। ২০০৫ চনত মুক্তি পোৱা ‘তাজমহল: এণ ইটাৰ্নেল লাভ ষ্ট’ৰী’ ছবিখনতো বহু পাকিস্তানী তাৰকাই কাম কৰিছিল।ফিৰোজ খান তাত উপস্থিত হোৱাৰ লগে লগে পাৰ্টিৰ আয়োজন কৰা হৈছিল। য'ত তেওঁ আন পাকিস্তানী তাৰকাক লগ পাইছিল।

3 / 7
কিন্তু পাকিস্তানত পৰিস্থিতি আৰু বেয়া হৈ পৰে যেতিয়া ফিৰোজ খানে পাৰ্টিত এংকৰ ফখৰ-ই-আলমৰ সৈতে কাজিয়াত লিপ্ত হয়। কোৱা হয় যে তেওঁ মনিষা কইৰালাক লৈ মন্তব্য কৰিছিল। যাৰ বাবে এই কাজিয়া হয়। তাৰ পিছত মুছলমান অভিনেতাগৰাকীয়ে নিজে পাকিস্তানত ভাৰতৰ প্ৰশংসা কৰিছিল। তেওঁ কৈছিল - "আমাৰ দেশত (ভাৰত) মুছলমানসকলে অগ্ৰগতি লাভ কৰিছে কাৰণ ই এখন ধৰ্মনিৰপেক্ষ দেশ।"

4 / 7
ফিৰোজ খান তাতেই থমকি ৰোৱা নাছিল। তেওঁ কয়, "ইছলামৰ নামত পাকিস্তান সৃষ্টি কৰা হৈছে, কিন্তু ইয়াত মুছলমানসকলে মুছলমানক হত্যা কৰাত ব্যস্ত।" তেওঁ নিজে পাকিস্তানলৈ যোৱা নাই বুলিও পাৰ্টিত স্পষ্ট কৰি দিছিল। তেওঁক তালৈ মাতি নিয়া হৈছিল।

5 / 7
ফিৰোজ খানৰ এই কথাই পাৰভেজ মুশ্বাৰফ আৰু তাত থকা বাকী লোকসকলক গভীৰভাৱে আঘাত দিলে। বলীউডৰ অভিনেতাগৰাকীৰ এই বক্তব্যৰ পিছত সমগ্ৰ পাকিস্তানতে হুলস্থুলৰ সৃষ্টি হয়। এনে পৰিস্থিতিত সেই সময়ত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ থকা পাৰভেজ মুশ্বাৰফে ফিৰোজ খানৰ পৰা প্ৰতিশোধ ল’বলৈ এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰে।

6 / 7
তেওঁ ফিৰোজ খানৰ পাকিস্তানৰ ভিছা বাতিল কৰে। লগতে পাৰভেজ মুশ্বাৰফে অভিনেতাগৰাকীক পাকিস্তানত প্ৰৱেশ নিষিদ্ধ কৰিছিল। অৱশ্যে এনে সুযোগ আৰু কেতিয়াও নাহিল। ২০০৯ চনত ফিৰোজ খানৰ মৃত্যু হয়।শেষবাৰৰ বাবে ২০০৭ চনত মুক্তি পোৱা ‘ৱেলকাম’ ছবিখনত তেওঁক দেখা গৈছিল।

7 / 7