নলবাৰী ৰাসৰ মৃন্ময় মূৰ্তিয়ে মন মুহিব আপোনাৰ, চাওক ফটো | nalbari rass 2024 see photo of krishna lila mrinmay murti 2024 assam Assam news - Assam Tv9

নলবাৰী ৰাসৰ মৃন্ময় মূৰ্তিয়ে মন মুহিব আপোনাৰ, চাওক ফটো

Updated On: 

23 Nov 2024 13:33 PM

Nalbari Raas Mahotsav 2024: ১৫ নৱেম্বৰৰ পৰা ১৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে নলবাৰী ৰাস মহোৎসৱ। প্ৰতিটো দিনেই নলবাৰীলৈ সমাগম ঘটিছে লাখ লাখ ভক্তৰ। প্ৰতিবাৰৰ দৰে এইবাৰো মৃন্ময় মূৰ্তিয়ে দৃষ্টি কাঢ়িছে ৰাইজৰ।

1 / 5উদুলি-মুদুলি

উদুলি-মুদুলি নলবাৰী। প্ৰতিবছৰৰ দৰে এইবাৰে ১৫ নৱেম্বৰৰ পৰা নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ। ১৩ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই ৰাস মহোৎসৱত লাখ লাখ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। প্ৰতিবাৰৰ দৰে এইবাৰো ৰাসৰ সৌন্দৰ্যই দৃষ্টি কাঢ়িছে জনতাৰ।

2 / 5

নলবাৰীৰ ৰাস বুলি ক'লে সাধাৰণতে মৃন্ময় মূৰ্তিৰ কথা মনলৈ আছে। মৃন্ময় মূৰ্তিৰ দ্বাৰা নলবাৰী ৰাসত দেখুওৱা হয় শ্ৰী কৃষ্ণৰ লীলা। শিল্পীৰ হাতত যেন প্ৰাণ পাই শুঠে কৃষ্ণ। মূৰ্তিৰ দ্বাৰাই বৰ্ণনা কৰা হয় কৃষ্ণ জন্মৰ পৰা বৈকুণ্ঠ প্ৰয়ানৰ কাহিনী।

3 / 5

এইবাৰো ৰাসত মৃন্ময় মূৰ্তিয়ে দৃষ্টি কাঢ়িলে ভক্তৰ। শিল্পীৰ নিপুন ক'লাত প্ৰাণ পাই উঠা কৃষ্ণ লীলা দেখি অভিভূত হৈছে সকলো।এইবাৰ নতুন নতুন সংযোজনেৰে মৃন্ময় মূৰ্তিৰ ৰাস অনুষ্ঠিত কৰা হয়। এইবাৰ ৰাসৰ আৰম্ভণীৰ দিনা নলবাৰীলৈ আহিছিল ৰামায়ন ধাৰাবাহিকত ৰাম সীতাৰ অভিনয় কৰা অৰুণ গোভিল, দিপীকা চিখলিয়াৰ লগতে আন ১৬ গৰাকী কলা- কুশলী ।

4 / 5

অৱশ্যে এইবাৰ নলবাৰী ৰাসত জীৱন্ত ৰাসো অনুষ্ঠিত হয়। একাংশ শিল্পীয়ে জীৱন্ত ৰাসত অংশগ্ৰহণ কৰে। নলবাৰী হৰি মন্দিৰৰ সহায়ত আৰু প্ৰজ্ঞাৰ উদ্যোগত স্থানীয় শিল্পীৰ দ্বাৰা জীৱন্ত ৰাস অনুষ্ঠিত কৰা হয়। মৃন্ময় মূৰ্তিৰ ৰাসৰ লগতে জীৱন্ত ৰাসে নলবাৰী ৰাসৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি কৰে।

5 / 5

ইয়াৰ লগতে ১৭ নৱেম্বৰৰ পৰা থিয়েটাৰ আৰম্ভ হৈছে।১০ দিনীয়া কাৰ্যসূচীৰে ২৭ নৱেম্বৰলৈ প্ৰায় ১১ খন ভ্ৰাম্যমান থিয়েটাৰে কেইবাখনো নাট প্ৰদৰ্শন কৰিব।ইয়াৰোপৰি অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা, বাণিজ্য মেলা , আত্ম সহায়ক গোটৰ মেলা, দিহা নাম, নাগাৰা নাম, বিভিন্ন অনুষ্ঠান থাকে এই ৰাসত। ৰাসৰ লগত সংগতি ৰাখিয়েই ২৫ নৱেম্বৰত নলবাৰীত স্থানীয় বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস