16 May 2024 17:56 PM
পুনৰ জিলিকি উঠিল নীৰজ চোপ্ৰা। ঘৰুৱা টুৰ্ণামেন্ট ফেডাৰেশ্যন কাপত ৮২.২৭ মিটাৰ জেভলিট থ্ৰ' কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। পেৰিছ অলিম্পিকৰ পূৰ্বে এয়া এক ভাল খবৰ। ফটো(পিটিআই)
অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই ৩ বছৰ পাছত ঘৰুৱা টুৰ্ণামেন্টত অংশ গ্ৰহণ কৰে। শেষৰ বাৰ তেওঁ ২০২১ চনত খেলিছিল। ফটো (পিটিআই)
টকিঅ অলিম্পিকত সোণৰ পদক লাভ কৰাৰ পাছত তেওঁ আন্তৰাষ্ট্ৰীয় খেলতে অংশ গ্ৰহণ কৰি আহিছে। দেশৰ হৈ কেইবাটাও পদক লাভ কৰিছে নীৰজে। ফটো(পিটিআই)
২০২২ চনত ডায়মণ্ড লীগ চেম্পিয়ন আৰু ২০২৩ চনত ৱাৰ্ল্ড চেম্পিয়নৰ খিতাপ লাভ কৰে তেওঁ। ইয়াৰোপৰি আৰু চীনত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল। (ফটোঃ পিটিআই)
নীৰজ চোপ্ৰা দেশৰ গৌৰৱ। তেওঁৰ সৰ্বশ্ৰেষ্ঠ আৰু নেশ্যনেল ৰেকৰ্ড ৮৯.৯২ মিটাৰ। উল্লেখ্য যে পেৰিছ অলিম্পিকত অংশ ল'ব নীৰজে। ফটো(পিটিআই)