৫ ৰ পৰা ১০ হাজাৰ টকাৰ বাজেটত লাভ কৰিব এই স্মাৰ্টফোন কেইটা...চাওক | New Smartphone Under 10000 with offers; Latest Updates in Assamese Assam news - Assam Tv9

৫ ৰ পৰা ১০ হাজাৰ টকাৰ বাজেটত লাভ কৰিব এই স্মাৰ্টফোন কেইটা…চাওক

Published: 

07 Sep 2024 22:58 PM

আপুনি পূজাৰ পূৰ্বে নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? আপুনি যদি ৫ ৰ পৰা ১০ হাজাৰ টকাৰ ভিতৰত স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে, তেন্তে ৰেহাইৰ সৈতে এই স্মাৰ্টফোন কেইটা ক্ৰয় কৰিব পাৰে । চাওক...

1 / 5Lava

Lava 02: আপুনি যদি ১০ হাজাৰ টকাৰ ভিতৰত স্মাৰ্টফোন ক্ৰয় কৰিব বিচাৰে তেন্তে লাভাৰ এই ফোনটো ক্ৰয় কৰিব পাৰে । ২০ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৭,৯৯৯ টকাত ই-কমাৰ্চ প্লেটফৰ্মত এই ফোনটো ক্ৰয় কৰিব পাৰে । ইয়াৰ উপৰিও নিৰ্বাচিত বেংক ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ইএমআই আৰু ৰেহাইৰ সুবিধাও লাভ কৰিব।

2 / 5

itel A70: এই ৰেঞ্জত এই স্মাৰ্টফোনত আপুনি ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ পাব । মাত্ৰ ৭,২৯৯ টকাত ৩৪ শতাংশ ৰেহাইৰ সৈতে আমাজনৰ পৰা এই ফোনটো ক্ৰয় কৰিব পাৰিব। এইচ ডি এফ চি বেংকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰিলে ইয়াৰ ওপৰত ১৭৫০ টকা পৰ্যন্ত ৰেহাই পাব পাৰে।

3 / 5

Redmi 13C: ৰেহাইৰ সৈতে মাত্ৰ ৭,৬৯৮ টকাত লাভ কৰিব পাৰিব 4GB RAM, 128GB ষ্ট’ৰেজ ভেৰিয়েন্টৰ এই ফোনটো। ইয়াৰ লগতে ইএমআইৰ আৰু বেংকৰ অফাৰৰ সুবিধাও ল’ব পাৰে।

4 / 5

Samsung Galaxy M: এই স্মাৰ্টফোনটো আপুনি ৮,৩০৫ টকাত কিনিব পাৰিব । Amazon ৰ পৰা ক্ৰয় কৰিলে ৰেহাই আৰু বেংক অফাৰৰ সুবিধা ল’ব পাৰিব।

5 / 5

POCO M6 5G: Poco ৰ স্মাৰ্টফোনত আছে 5000 mAh বেটাৰী, য'ত 18W ফাষ্ট চাৰ্জিং লাভ কৰিব। মাত্ৰ ৯,৯৯৮ টকাত ৰেহাইৰ সৈতে এই ফোনটো ক্ৰয় কৰিব পাৰিব।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version