আৰক্ষী নহয় চুমিক বিচাৰি গীত-কবিতা লিখিছে একাংশই। সামাজিক মাধ্যমত এতিয়া কেৱল চুমিৰ চৰ্চা।
‘চুমি অ’ চুমি কত আছা তুমি,পুলিচে বিচাৰি খাইছে হাবাথুৰি , নাভাবিবা তুমি বাছি যাম বুলি”- এই গীতটি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি বিশাল আৰু চুমিয়ে এক বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈছিল।
আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা।
বিয়াৰ পাছত প্ৰথম ট্ৰিপটো পাতি লোৱা ভায়েক বিশালে চুমিক উপহাৰ হিচাপে দিছিল।