শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

‘শাৰদীয় বতৰত মামাৰ উপহাৰ’, যোৰহাট জিলাটো নিযুত মইনা আঁচনিৰ চেক বিতৰণ…

সমগ্ৰ ৰাজ্যৰ লগতে আজি যোৰহাট জিলাৰ চাৰিটা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয়। যোৰহাটৰ চি কে বি কলেজত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰা হয় ।

manas-borah
Manas Borah | Published: 06 Oct 2024 16:42 PM
সমগ্ৰ ৰাজ্যৰ লগতে আজি যোৰহাট জিলাৰ চাৰিটা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয়। যোৰহাটৰ চি কে বি কলেজত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰা হয় ।

সমগ্ৰ ৰাজ্যৰ লগতে আজি যোৰহাট জিলাৰ চাৰিটা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয়। যোৰহাটৰ চি কে বি কলেজত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰা হয় ।

1 / 5
উক্ত অনুষ্ঠানত উপস্থিত থাকে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, জিলা আয়ুক্ত জয় শিবাণী। অনুষ্ঠানত অংশগ্ৰহণ কৰা পাছতে সাংবাদিকৰ আগত বিধায়ক গোস্বামীয়ে এই আঁচনিখন গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে । লগতে এই পদক্ষেপে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীসকলক উচ্চ শিক্ষিত কৰাৰ ক্ষেত্ৰ উল্লেখযোগ্য

2 / 5
ইফালে চেক লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ছাত্ৰী সকলে । তেওঁলোকে কয় যে, পূজাৰ বতৰত এয়া ভাগিনলৈ মামাৰ উপহাৰ। লগতে সাংবাদিকৰ আগত ছাত্ৰীসকলে মনৰ অনুভৱ প্ৰকাশ কৰাৰ লগতে এই আঁচনিৰ পৰা ছাত্ৰীসকল কেনেদৰে উপকৃত হ'ব সেই কথাও প্ৰকাশ কৰে ।

3 / 5
উল্লেখ্য যে, খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰে নিযুত মইনা আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যৰ ১৫৯০৯৩ গৰাকী ছাত্ৰীলৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। চলিত বিত্তীয় বৰ্ষত এই আঁচনিৰ বাবে ২৪০ কোটি টকা ধাৰ্য কৰা হৈছে ।

4 / 5
এই আঁচনিখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, এই আঁচনিৰ জৰিয়তে অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক আৰ্থিক অনুদান আগবঢ়োৱাৰ লক্ষ্য লৈছে চৰকাৰে। আঁচনিৰ অধীনত স্নাতক শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক ১৫০০ টকা, স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক ২৫০০ টকা আৰু উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা ছাত্ৰীক ১০০০ টকা প্ৰদান কৰিব চৰকাৰে।

5 / 5
Latest Stories