নলবাৰীৰ হৰি মন্দিৰত সামূহিক বিবাহ, একেলগে বিয়াত বহিল ৯যোৰা দৰা-কইনা | Nine couples of bride and groom got married together at Hari Mandir in Nalbari Assam news - Assam Tv9

নলবাৰীৰ হৰি মন্দিৰত সামূহিক বিবাহ, একেলগে বিয়াত বহিল ৯যোৰা দৰা-কইনা

Updated On: 

28 Nov 2024 16:56 PM

আজি সামৰণি পৰিল নলবাৰীৰ ৰাস। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে উদযাপিত হৈ আহি এইবাৰ ৯১ বছৰত ভৰি দিছিল এই ৰাসে। অন্তিম দিনটোত যোৱা বছৰৰ দৰে এইবাৰো নলবাৰী জিলা প্ৰশাসন আৰু হৰিমন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত অন্তিম দিনটোত অনুষ্ঠিত হয় সামূহিক বিবাহ। সংস্কৃতিৰ বৰপথাৰ হিচাপে প্ৰতিটো বৰ্ষতে এইদৰে জিলিকি উঠে নলবাৰী।

1 / 5আজি সামৰণি পৰিল নলবাৰীৰ ৰাস মহোৎসৱৰ। আধুনিক কালত অসমৰ সাংস্কৃতিক সমন্বয়ৰ মিলনভূমি হৈ উঠা নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰৰ ৰাস মহোৎসৱ ভক্তিপ্ৰাণ ৰাইজৰ আধ্যাত্মিক আকৰ্ষণৰ এটি অন্যতম কেন্দ্ৰবিন্দু।

আজি সামৰণি পৰিল নলবাৰীৰ ৰাস মহোৎসৱৰ। আধুনিক কালত অসমৰ সাংস্কৃতিক সমন্বয়ৰ মিলনভূমি হৈ উঠা নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰৰ ৰাস মহোৎসৱ ভক্তিপ্ৰাণ ৰাইজৰ আধ্যাত্মিক আকৰ্ষণৰ এটি অন্যতম কেন্দ্ৰবিন্দু।

2 / 5

১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে উদযাপিত হৈ আহি এইবাৰ ৯১ বছৰত ভৰি দিছিল এই ৰাসে। অন্তিম দিনটোত যোৱা বছৰৰ দৰে এইবাৰো নলবাৰী জিলা প্ৰশাসন আৰু হৰিমন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত অন্তিম দিনটোত অনুষ্ঠিত হয় সামূহিক বিবাহ।

3 / 5

এই অনুষ্ঠানত সৰ্বমুঠ ৯ যোৰা দম্পতিৰ শুভ বিবাহ সম্পন্ন কৰে। কৃষ্টি-সংস্কৃতিৰ মিলনথলীত পৰিণত হৈ পৰা নলবাৰীৰ ৰাস মহোৎসৱলৈ ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা সংস্কৃতিৱান লোক, প্রবাসী নলবৰীয়া, পৰ্যটক, ভক্তপ্ৰাণ লোকে ভিৰ কৰে হৰি মন্দিৰ প্ৰাংগণত।

4 / 5

সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে নলবাৰী জিলা প্ৰশাসন আৰু হৰিমন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত সুচাৰু ৰূপে সম্পন্ন হৈ যায়। সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে।

5 / 5

উল্লেখ্য যে, কাজিৰঙাত অনুষ্ঠিত হৈ থকা আন্তৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টত উপস্থিত থাকিবলগীয়া হোৱা বাবে এই বিবাহ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰিব নোৱাৰিলে, তথাপিও 'ভিডিঅ' কল' যোগে সমূহ নৱ-বিবাহিত দম্পতিক তেওঁৰ আশিস আৰু শুভেচ্ছা প্ৰদান কৰে।

ৰাতি দৈ খোৱা উচিত নে? দৈৰ উপকাৰিতা আৰু অপকাৰিতা জানক
আপোনাৰ ওজন কমোৱাত সহায় কৰিব মগুৱে, জানক উপকাৰিতাৰ বিষয়ে
এণ্টিবায়’টিক অত্যধিক খোৱাৰ ফলত কি কি পাৰ্শ্বক্ৰিয়া হ'ব পাৰে?
মহাকাশত মহাকাশচাৰীসকলৰ বাবে কিদৰে খাদ্যৰ ব্যৱস্থা কৰা হয়?