আজিৰে পৰা ৰাজ্যত আধাৰ কাৰ্ডক লৈ জাৰি হ'ব নতুন নিয়ম। একাংশ বাংলাদেশীয়ে অসমত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বাবেই কঠোৰ সিদ্ধান্ত চৰকাৰৰ। এই কাম নকৰিলেই লাভ নকৰিব আধাৰ কাৰ্ড।
যদি কোনো লোকে NRCত আবেদন কৰা নাছিল তেন্তে অসমত নাপায় আধাৰ কাৰ্ড। অসমৰ পৰা ভুৱা আধাৰ কাৰ্ড সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰি এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আমি আধাৰ কাৰ্ড প্ৰসংগক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছোঁ৷ ২০১৪ চনত NRCত আবেদন নকৰা লোকে অসমত নাপাব আধাৰ কাৰ্ড৷’’
মুখ্যমন্ত্ৰীয়ে কয়, ‘শনিবাৰে নটিফিকেচন ওলাব যে ২০১৪ চনত যদি কোনোবাই NRCত আবেদন কৰা নাই, তেওঁ অসমত আধাৰ কাৰ্ড বনাব নোৱাৰিব৷’
লগতে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে কয়. ‘অহা মাৰ্চত ৰাভা হাছং নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ফেব্ৰুৱাৰীৰ ১০ তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন সমাপন হ’ব৷ পঞ্চায়ত নিৰ্বাচনত অগপৰ সৈতে স্থানীয় পৰ্যায়ত মিত্ৰতা হ’ব৷’