ৰাজ্যত কোনে নাপাব আধাৰ কাৰ্ড? মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা... | no aadhaar card without NRC aplication says cm himanta biswa sarma Assam news - Assam Tv9

ৰাজ্যত কোনে নাপাব আধাৰ কাৰ্ড? মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা…

Updated On: 

04 Jan 2025 12:29 PM

আজিৰে পৰা ৰাজ্যত আধাৰ কাৰ্ডক লৈ নতুন নিয়ম। আধাৰকাৰ্ডৰ বাবে কি কি নথি লাগিব? এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

1 / 5আজিৰে পৰা ৰাজ্যত আধাৰ কাৰ্ডক লৈ জাৰি হ'ব নতুন নিয়ম। একাংশ বাংলাদেশীয়ে অসমত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বাবেই কঠোৰ সিদ্ধান্ত চৰকাৰৰ। এই কাম নকৰিলেই লাভ নকৰিব আধাৰ কাৰ্ড।

আজিৰে পৰা ৰাজ্যত আধাৰ কাৰ্ডক লৈ জাৰি হ'ব নতুন নিয়ম। একাংশ বাংলাদেশীয়ে অসমত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বাবেই কঠোৰ সিদ্ধান্ত চৰকাৰৰ। এই কাম নকৰিলেই লাভ নকৰিব আধাৰ কাৰ্ড।

2 / 5

যদি কোনো লোকে NRCত আবেদন কৰা নাছিল তেন্তে অসমত নাপায় আধাৰ কাৰ্ড। অসমৰ পৰা ভুৱা আধাৰ কাৰ্ড সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰি এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

3 / 5

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আমি আধাৰ কাৰ্ড প্ৰসংগক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছোঁ৷ ২০১৪ চনত NRCত আবেদন নকৰা লোকে অসমত নাপাব আধাৰ কাৰ্ড৷’’

4 / 5

মুখ্যমন্ত্ৰীয়ে কয়, ‘শনিবাৰে নটিফিকেচন ওলাব যে ২০১৪ চনত যদি কোনোবাই NRCত আবেদন কৰা নাই, তেওঁ অসমত আধাৰ কাৰ্ড বনাব নোৱাৰিব৷’

5 / 5

লগতে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে কয়. ‘অহা মাৰ্চত ৰাভা হাছং নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ফেব্ৰুৱাৰীৰ ১০ তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন সমাপন হ’ব৷ পঞ্চায়ত নিৰ্বাচনত অগপৰ সৈতে স্থানীয় পৰ্যায়ত মিত্ৰতা হ’ব৷’

ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে