টেট সহ নিযুক্তি পৰীক্ষাৰ বাবে কৰ্মৰত আবেদনকাৰীয়ে দিব নালাগে NOC ! | Assam : No NOC Required for Working Teachers Applying for TET cum Recruitment Test for Graduate or Post Graduate : ranoj pegu Assam news - Assam Tv9

TET cum Recruitment Test: টেট সহ নিযুক্তি পৰীক্ষাৰ বাবে কৰ্মৰত আবেদনকাৰীয়ে দিব নালাগে এন অ’ চি…!

Updated On: 

26 Oct 2024 19:10 PM

স্নাতক বা স্নাতকোত্তৰ শিক্ষক পদৰ টেট সহ নিযুক্তি পৰীক্ষাৰ বাবে কৰ্মৰত আবেদনকাৰীয়ে কোনো এন অ’ চি দাখিল কৰিব নালাগে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰিছে ।

1 / 5স্নাতক

স্নাতক বা স্নাতকোত্তৰ শিক্ষক পদৰ টেট সহ নিযুক্তি পৰীক্ষাৰ বাবে কৰ্মৰত আবেদনকাৰীয়ে কোনো এন অ’ চি দাখিল কৰিব নালাগে। বিজ্ঞাপন নং ই-৩৯২৫৬২ৰ বিৰুদ্ধে কোনো এন অ’ চি প্ৰয়োজন নোহোৱাৰ কথা সদৰী কৰিছে শিক্ষা বিভাগে ।

2 / 5

কিন্তু যদি এনে যিকোনো শিক্ষক পদৰ বাবে নিৰ্বাচিত হয় তেন্তে তেওঁলোকে NOC জমা দিব লাগিব। ৰাজ্যৰ শিক্ষা বিভাগে মুঠ ৯৭১৭টা শিক্ষক পদৰ বাবে প্ৰকাশ পোৱা বিজ্ঞাপনত আবেদনৰ সৈতে এন অ’ চি দাখিল কৰাৰ কথা উল্লেখ কৰিছিল ।

3 / 5

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰিছে ।

4 / 5

শিক্ষা বিভাগে উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকৰ স্নাতকোত্তৰ শিক্ষকৰ বাবে ক্ৰমে ১২৮৫টা আৰু ১০২টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল ।

5 / 5

একেদৰে উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকৰ স্নাতক শিক্ষক বাবে ৮০০৪টা আৰু ২২৬টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল ।

হৃদৰোগৰ আশংকা হ্ৰাস কৰাৰ বাবে গ্ৰীণ টি অতি উপকাৰী, জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে...
বুৰ্জ খলিফাই হেৰুৱাব স্বীকৃতি, এই দেশত নিৰ্মাণ হৈ আছে বিশ্বৰ আটাইতকৈ সু-উচ্চ তথা বৃ্হৎ অট্টালিকা
শনিবাৰৰ দিনটোত কৰক এই ৫টা প্ৰতিকাৰ, জীৱনত কেতিয়াও নহ'ব ধনৰ অভাৱ!
দীপাৱলীত ডায়েবেটিছ ৰোগীসকলে কোনবোৰ মিঠাই খাব লাগে?