Imane khelif: অলিম্পিকত স্বৰ্ণ পদত লাভ কৰা ইমানে খলিফৰ দেহত অণ্ডকোষ আৰু XY ক্ৰম’জমৰ উপস্থিতি... | olympic gold medalist boxer imane khelif has MAN! got XY chromosomes and testicles Assam news - Assam Tv9

Imane khelif: অলিম্পিকত স্বৰ্ণ পদত লাভ কৰা ইমানে খলিফৰ দেহত অণ্ডকোষ আৰু XY ক্ৰম’জমৰ উপস্থিতি…

Updated On: 

05 Nov 2024 11:18 AM

Imane khelif: অলিম্পিক পদক বিজয়ী ইমানে খেলিফাৰ লিংগ সন্দৰ্ভত এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। পেৰিছ অলিম্পিকৰ সময়ত লিংগ বিতৰ্কত নাম সাঙোৰ খাইছিল ইমানে খালিফাৰ। অভিযোগ কৰা হৈছিল ইমানে খালিফা বায়লজিকেল পুৰুষ।

1 / 5পেৰিছ

পেৰিছ অলিম্পিক ২০২৪ ত লিংগ বিতৰ্কত নাম সাঙোৰ খাইছিল বক্সাৰ ইমানে খেলিফৰ। অভিযোগ উত্থাপন হৈছিল যে খেলুৱৈগৰাকী জৈৱিক পুৰুষ। ইমানে খেলিফে ২০২৪ চনৰ পেৰিছ অলিম্পিকত ৬৬ কিলোগ্ৰাম শাখাৰ স্বৰ্ণ পদক লাভ কৰিছিল। ইমানে চীনৰ য়াং লিউক ফাইনেলত পৰাজয় কৰি এই পদক লাভ কৰিছিল।

2 / 5

কিন্তু ইয়াৰ মাজতে ভাইৰেল হৈ পৰিছে এক মেডিকেল ৰিপোৰ্ট। যাৰ পাছত এই বিষয়টো তদন্ত কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ইমানে খেলিফৰ অণ্ডকোষ আৰু XY ক্ৰমজম (পুৰুষ) পোৱা গৈছে।যিয়ে ৫-আলফা ৰিডাক্টেজ ইনচুফিচিয়েন্সি নামৰ বিকাৰৰ ইংগিত দিয়ে।

3 / 5

অলিম্পিকৰ সময়ত ইমান খেলিফাৰ বিৰুদ্ধে খেলা মহিলা বক্সাৰে তেওঁৰ ওচৰত এক্স ৱাই ক্ৰম’জম আছে বুলি কৈছিল।পেৰিছৰ ক্ৰেমলিন-বিচেট্ৰে হাস্পতাল আৰু আলজিয়াৰ্ছৰ মহম্মদ লেমিন দেবাঘিন হাস্পতালৰ বিশেষজ্ঞসকলে ২০২৩ চনৰ এক প্ৰতিবেদনত বহু কথা প্ৰকাশ কৰিছিল।শেহতীয়াকৈ এই তথ্য ভাইৰেল হৈ পৰিছে।

4 / 5

পেৰিছ অলিম্পিকৰ পাছত এই বিবাদ কিছু পৰিমাণে শাম কাটিছিল যদিও নতুনকৈ পোহৰলৈ অহা তথ্য অনুসৰি ইমানে খেলিফৰ দেহত পুৰুষৰ বহু অংগ থকা বুলি কোৱা হয়। যাৰ বাবে বক্সাৰগৰাকী পুনৰ বিতৰ্কত সোমাই পৰিছে। পূৰ্বতেও এনে তথ্য প্ৰকাশ পাইছিল। যাৰ বাবে ২০২৩ চনত আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনে (আই বি এ) বক্সাৰগৰাকীক নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপৰ সোণৰ পদকৰ যুঁজত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।

5 / 5

প্ৰতিবেদনত অনুসৰি আলজেৰিয়াৰ খেলুৱৈগৰাকীৰ দেহত আভ্যন্তৰীণ অণ্ডকোষ আৰু এক্স ৱাই ক্ৰম’জম আছে। প্ৰতিবেদনত কোৱা হৈছে ইমানে খেলিফ জৈৱিক পুৰুষ। এই তথ্য পোহৰলৈ অহাৰ পাছতেই বিভিন্নজনে বক্সাৰগৰাকীক শাস্তি প্ৰদান কৰিবলৈ দাবী তুলিছে।

অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?
পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ