আজিৰ দিনটোতেই পোখা মেলিছিল এক অনন্য ইতিহাসেঃ নাম তেওঁৰ শচীন তেণ্ডুলকাৰ... | On this day in 1989 Sachin Tendulkar makes his international debut Assam news - Assam Tv9

আজিৰ দিনটোতেই পোখা মেলিছিল এক অনন্য ইতিহাসেঃ নাম তেওঁৰ শচীন তেণ্ডুলকাৰ…

Published: 

15 Nov 2024 15:05 PM

২২ গজৰ জগতখনত এইপৰ্যন্ত ক্ৰিকেটপ্ৰেমীয়ে দেখিছে ইগৰাকীৰ পিছত সিগৰাকীকৈ কিংবদন্তি খেলুৱৈ। বেট-বলৰ যুঁজত নিজৰ অসামান্য প্ৰতিভাৰে ক্ৰিকেট ইতিহাসত লিখি গৈছে নিজৰ নাম। তাৰ মাজতে এক ব্যতিক্ৰম। ক্ৰিকেট ইতিহাসত নাম লিখি নহয়, নিজেই এক অনন্য ইতিহাস হৈ ক্ৰিকেট বিশ্বক সমৃদ্ধ কৰি তুলিলে এগৰাকী খেলুৱৈয়ে। নাম তেওঁৰ শচীন তেণ্ডু্ুলকাৰ- ‘দ্য গড অৱ ক্ৰিকেট’।

1 / 5১৯৮৯

১৯৮৯ চনৰ ১৫ নৱেম্বৰ। ক্ৰিকেট ইতিহাসৰ বাবে এক বিশেষ দিন। এই দিনটোতে পাকিস্তানৰ কৰাচীত পোখা মেলিছিল এক সম্ভাৱনাই। এই সম্ভাৱনাই কালক্ৰমত হৈ পৰিছিল ‘দ্য গড অৱ ক্ৰিকেট’। নাম তেওঁৰ শচীন তেণ্ডুলকাৰ। ১৯৮৯ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ বিৰুদ্ধে কৰাচীত ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাইছিল ক্ৰিকেট বিশ্বৰ এই মহা কিংবদন্তিগৰাকীয়ে।

2 / 5

সেই সময়ত শচীনৰ বয়স মাত্ৰ ১৬ বছৰ। সমুখত ক্ৰিকেট ইতিহাসৰে অন্যতম শ্ৰেষ্ঠ পেচাৰ ৱাচিম আক্ৰাম, ইমৰান খান আৰু এই টেষ্টতে অভিষেককাৰী পাক পেচ মেচিন ৱাকাৰ ইউনিছ। চুটি-চাপৰ কিশোৰজনক দেখি হয়তো এই ভয়ংকৰ পেচ আক্ৰমণে মাৰিছিল সহানুভূতিৰ হাঁহি! এই ১৬ বৰ্ষীয় কিশোৰটিয়েই যে এদিন ক্ৰিকেট বিশ্বৰে ভগৱান হিচাপে খ্যাতি লভিব, সেয়া আছিল সকলোৰে বাবে কল্পনাৰো অতীত।

3 / 5

পাকিস্তানৰ ভয়ংকৰ পেচ আক্ৰমণৰ সমুখত যথেষ্ট সপ্ৰতিভভাৱেই ইনিংছ আৰম্ভ কৰিছিল। কোবাইছিল দুটা বাউণ্ডেৰীও। অৱশ্যে দীঘলীয়া সময়ৰ বাবে ক্ৰীজত খোপনি পুতিব পৰা নাছিল শচীনে। ৱাকাৰ ইউনিছৰ বলত পেভিলিয়নলৈ উভতাৰ পূৰ্বে শচীনে খেলিছিল ২৪ বলত ১৫ ৰানৰ এক চমু ইনিংছ। কিন্তু ইয়াতে অন্ত হোৱা নাছিল কাহিনী, হৈছিল এক ন-ইতহাসৰ আৰম্ভণিহে।

4 / 5

শৃংখলাৰ অন্তিমখন টেষ্টত ক্ৰিকেট বিশ্বই প্ৰত্যক্ষ কৰিছিল সেই ইতিহাস সৃষ্টিৰ ক্ষণ। ৱাকাৰৰ বাউন্সাৰত নাকত আঘাত লৈ ৰক্তৰঞ্জিত মুখমণ্ডলেৰে খ্ৰ্লপথাৰ এৰিছিল শচীনে। কোনেও ভবা নাছিল এনে আঘাতৰ পিছিত যে তেওঁ পুনৰ ঘূৰি আহিব খেলপথাৰলৈ। কিন্তু সকলোৰে এই মনোভাৱ ভুল প্ৰমাণিত কৰি নাকত বেণ্ডেজ লৈ ক্ৰীজলৈ ঘূৰিছিল শচীন আৰু খেলিছিল ১৩৪ বলত ৫৭ ৰানৰ চমকপ্ৰদ ইনিংছ।

5 / 5

এই ইনিংছটোৰ জৰিয়তেই শচীনে ক্ৰিকেট বিশ্বক জনাইছিল তেওঁৰ আগমনৰ বতৰা। আৰু ইয়াৰ পিছত যি ঘটিল সেয়া সকলোৰে চকুৰ সমুখত। প্ৰায় ২৪ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত টেষ্টত ১৫৯২১ ৰান, এদিনীয়াত ১৮৪২৬ ৰান, ১০০টা আন্তঃৰাষ্ট্ৰীয় শতক আৰু দুই শতাধিক আন্তঃৰাষ্ট্ৰীয় উইকেটেৰে সচীন হৈ পৰিল ক্ৰিকেটৰ ভগৱান।

কোন আছিল ভগৱান কৃষ্ণৰ গুৰু, যাৰ পৰা ১৪টা বিদ্যা, ৬৪টা কলা শিকিছিল?
মহানগৰীৰ পাণ্ডুঘাটত SEAPLANEৰ পৰীক্ষণমূলক প্ৰদৰ্শন
বিলাহী খালে শৰীৰৰ কি কি উপকাৰ হয়?
আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ঠ উপকাৰী মিঠা আলু