শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গীত-মাত বিচাৰি শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ বুকুত পাপনৰ যাত্ৰা…

ব্ৰহ্মপুত্ৰৰ মাজেৰে বিশেষ যাত্ৰা আৰম্ভ কৰিছে অংগৰাগ পাপন মহন্তই। এই সময়চোৱাত তেওঁ শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিব। ব্ৰহ্মপুত্ৰৰ পাৰৰ গীত-মাতৰ সন্ধান কৰিব পাপনে। ইয়াকে লৈ নিৰ্মাণ কৰিব এখন তথ্য চিত্ৰ।

barasha-sarma
Barasha Sarma | Updated On: 10 Apr 2025 17:40 PM
জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই আৰম্ভ কৰিছে এক বিশেষ যাত্ৰা।  ব্ৰহ্মপুত্ৰৰ মাজেদি আৰম্ভ কৰা যাত্ৰা সন্দৰ্ভত ফেচবুক পোষ্টৰ জৰিয়তে জনাইছে কণ্ঠশিল্পীগৰাকীয়ে। তেওঁ কয় যে, ২০ বছৰ আগতে কিবা এটা কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু বিভিন্ন কাৰণত সেয়া হৈ উঠা নাছিল।

1 / 5
কিন্তু আজিও সেই সপোনৰ পম খেদি ফুৰিছে পাপনে আৰু আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ মাজেৰে যাত্ৰা। তেওঁ কয় যে, তেওঁৰ লগতে মুম্বাইৰ পৰাও মানুহ আহিছে। কেমেৰা, লাইট আদিৰ সৈতে ডাঙৰ দল এটা লৈ এই যাত্ৰাত ওলাইছে তেওঁ।

কিন্তু আজিও সেই সপোনৰ পম খেদি ফুৰিছে পাপনে আৰু আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ মাজেৰে যাত্ৰা। তেওঁ কয় যে, তেওঁৰ লগতে মুম্বাইৰ পৰাও মানুহ আহিছে। কেমেৰা, লাইট আদিৰ সৈতে ডাঙৰ দল এটা লৈ এই যাত্ৰাত ওলাইছে তেওঁ।

2 / 5
পাপনে কয় যে, এই সময়চোৱাত তেওঁ শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ মাজেৰে যাত্ৰা কৰিব । এই যাত্ৰাৰ সময়চোৱাত নদীৰ কাষত থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ সৈতে চিনাকী হোৱাৰ চেষ্টা কৰিব। গীত-মাতৰ সন্ধান কৰিব।  তেওঁলোকৰ ভাষা, সংস্কৃতি, কৃষি, খাদ্য আদিৰ বিষয়ে জনাৰ চেষ্টা কৰিব আৰু এই সন্দৰ্ভত এখন তথ্য চিত্ৰ নিৰ্মাণ কৰিব।

3 / 5
পাপনে কয় যে, ব্ৰহ্মপুত্ৰৰ দৰে ধুনীয়া নদী ক'তো নাই। কিন্তু দিনক দিনে ব্ৰহ্মপুত্ৰৰ পাৰত থকা লোকসকলৰ সংস্কৃতি নোহোৱা হৈ গৈ আছে। বহু জনগোষ্ঠীয়ে তেওঁলোকৰ প্ৰকৃত ভাষা, গীত নাজানে। গতিকে এই যাত্ৰাৰ জৰিয়তে  অসমৰ বিভিন্ন ঠাইৰ মানুহৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হ'ব।

4 / 5
এই সন্দৰ্ভত পাপনে লিখিছে- মই এক যাত্ৰাত ওলাইছোঁ, যি বহু দিনৰ পৰা মোৰ এটা সপোন আছিল। এয়া এটা কঠিন যাত্ৰা.. বহুবোৰ কাৰণতে কঠিন । নিজৰ কৰ্মময় বা ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় উলিয়াই , ব্রহ্মপুত্র সভ্যতাৰ অপৰিচিত, সহজতে নুশুনা বা হেৰাই যোৱাৰ উপক্ৰম হোৱা , আৰু আমাৰ অপূৰ্ব চহকী সংগীত আৰু সংস্কৃতি বিশ্বৰ আগত তুলি ধৰাৰ বাবে সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ চেষ্টা কৰিছোঁ। অনুগ্ৰহ কৰি আপুনি যদি তেনে কোনো গীত বা সংস্কৃতিৰ কথা আমাৰ লগত share কৰিব বিচাৰে গীতসমূহ তলত দিয়া নম্বৰটোত WhatsApp কৰক বা আমাৰ ইমেইল ঠিকনাত পঠিয়াওক।
সকলোকে এই ভিডিঅ’টো share কৰিবলৈ অনুৰোধ জনাইছোঁ l ❤️ WhatsApp: +91 86521 52057, Email : team@papon.in

এই সন্দৰ্ভত পাপনে লিখিছে- মই এক যাত্ৰাত ওলাইছোঁ, যি বহু দিনৰ পৰা মোৰ এটা সপোন আছিল। এয়া এটা কঠিন যাত্ৰা.. বহুবোৰ কাৰণতে কঠিন । নিজৰ কৰ্মময় বা ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় উলিয়াই , ব্রহ্মপুত্র সভ্যতাৰ অপৰিচিত, সহজতে নুশুনা বা হেৰাই যোৱাৰ উপক্ৰম হোৱা , আৰু আমাৰ অপূৰ্ব চহকী সংগীত আৰু সংস্কৃতি বিশ্বৰ আগত তুলি ধৰাৰ বাবে সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ চেষ্টা কৰিছোঁ। অনুগ্ৰহ কৰি আপুনি যদি তেনে কোনো গীত বা সংস্কৃতিৰ কথা আমাৰ লগত share কৰিব বিচাৰে গীতসমূহ তলত দিয়া নম্বৰটোত WhatsApp কৰক বা আমাৰ ইমেইল ঠিকনাত পঠিয়াওক। সকলোকে এই ভিডিঅ’টো share কৰিবলৈ অনুৰোধ জনাইছোঁ l ❤️ WhatsApp: +91 86521 52057, Email : team@papon.in

5 / 5