ভাৰতীয়ৰ আশা-আকাংক্ষাত ইতিবাচক গতিঃ সহজ জয়েৰে অভিযান আৰম্ভ সিন্ধুৰ | Paris Olympic 2024 badminton womens singles PV Sindhu won against Aathimath Abdul Razzaq Assam news - Assam Tv9

ভাৰতীয়ৰ আশা-আকাংক্ষাত ইতিবাচক গতিঃ সহজ জয়েৰে অভিযান আৰম্ভ সিন্ধুৰ

Published: 

28 Jul 2024 15:33 PM

দেশবাসীৰ আশা-আকাংক্ষাক বুকুত বান্ধি পেৰিছ অলিম্পিকত সফল আৰম্ভণি ঘটাইছে তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে। দুবাৰৰ অলিম্পিক জয়ী তাৰকাগৰাকীয়ে আজি দমনীয় প্ৰদৰ্শনেৰে মালদ্বীপৰ প্ৰতিদ্বন্দী ফতিমথ নবাহা আব্দুল ৰজাকক ২১-৪ আৰু ২১-১১ৰ ব্যৱধানত পৰাস্ত কৰি পেৰিছ অভিযান আৰম্ভ কৰিছে।

1 / 5চলিত

চলিত পেৰিছ অলিম্পিকত ভাৰতৰ পদক জয়ৰ অন্যতম সম্ভাৱ্য তাৰকা পি ভি সিন্ধুৱে ঘটাইছে আকাংক্ষিত আৰম্ভণি। ক্ৰমাগত তৃতীয়টো অলিম্পিক পদকৰ লক্ষ্যৰে পেৰিছত অৱতীৰ্ণ হোৱা সিন্ধুৱে আজি প্ৰথমখন মেচত মালদ্বীপৰ ফতিমথ নবাহা আব্দুল ৰজাকক পৰাস্ত কৰে।

2 / 5

দমনীয় প্ৰদৰ্শনেৰে সিন্ধুৱে বিশ্বৰ ১১১ নং ৰেংকিঙৰ খেলুৱৈ ফতিমথক মেচখনত কোনো সুযোগেই নিদিলে আৰু ২১-০৯, ২১-০৬ ব্যৱধানত সহজে পৰাস্ত কৰে। অৱশ্যে এই মেচখনত সিন্ধুৰ বিজয়ক লৈ নিশ্চিত হৈ আছিল অনুৰাগীসকল। ইতিপূৰ্বৰ মুখামুখিতো মালদ্বীপৰ খেলুৱৈগৰাকীক সহজে পৰাস্ত কৰিছিল সিন্ধুৱে।

3 / 5

ইয়াৰ পূৰ্বে সিন্ধু আৰু ফতিমথ ২০২২ চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত মুখামুখি হৈছিল আৰু সেই মেচখনতো সিন্ধু ২১-৪, ২১-১১ৰ সহজ ব্যৱধানত জয়ী হৈছিল।

4 / 5

গত ৰিঅ’ অলিম্পিকত ৰূপৰ পদক আৰু টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী সিন্ধুৱে নিশ্চিতভাৱে এইবাৰ পেৰিছত স্বৰ্ণ জয়ৰ পূৰ্ণ চেষ্টা চলাব। যদি পেৰিছত পদক জয়ত সফল হয় তেন্তে তেওঁ হ’ব তিনিটা অলিম্পিক পদক জয়ী প্ৰথম ভাৰতীয়।

5 / 5

অৱশ্যে পেৰিছত স্বৰ্ণ জয়ৰ পথ সিন্ধুৰ বাবে সহজ নহ’ব। তাৰকা শ্বাটলাৰগৰাকী ছেমি ফাইনেলত স্পেনিছ তাৰকা কেৰ’লিনা মাৰিণৰ মুখামুখি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তিনি বাৰৰ বিশ্ব চেম্পিয়ন তথা ৰিঅ’ অলিম্পিকৰ স্বৰ্ণজয়ী মাৰিণ আৰু সিন্ধুৰ এইপৰ্যন্ত পৰস্পৰৰ বিৰুদ্ধে জয়ৰ ৰেকৰ্ড ১২-৬।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?