শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰে’লত যাত্ৰাৰ সময়ত সদায় মনত ৰাখক এইসমূহ কথা, অন্যথা হ’ব পাৰে কাৰাবাস পৰ্যন্ত শাস্তি

দেশৰ পৰিবহণ ব্যৱস্থাত ৰে’ল সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সুগম আৰু সহজলভ্য পৰিবহণ ব্যৱস্থা হিচাপে প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে ৰে’লযোগে যাত্ৰা কৰে। কিন্তু যাত্ৰাৰ সময়ত বহু লোকে প্ৰতিদিনে কিছুমান ভুল কৰে। ভাৰতীয় ৰে’লৱেত যাত্ৰা কৰাৰ সময়ত কৰা এনে কিছুমান সাধাৰণ ভুলে আমাৰ জীৱনলৈ বিপদো কঢ়িয়াই আনিব। এনে ভুলৰ বাবে জৰিমনাৰ পৰা আৰম্ভ কৰি কাৰাবাস পৰ্যন্ত হ’ব পাৰে। চাওঁ আহক এই বিষয়ে।

monjit-dutta
Monjit Dutta | Published: 10 Jan 2025 21:31 PM
ৰে’ল ষ্টেচনত যাত্ৰীসকলে বহুত আৱৰ্জনা পেলায়। ৰে’লৱে নিৰাপত্তাৰক্ষীৰ লগতে ৰে’ল ষ্টেচন প্ৰশাসনেও আৱৰ্জনা পেলোৱা লোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। নিৰ্দিষ্ট স্থানৰ বাহিৰে আন ক’ৰবাত জাবৰ পেলোৱাৰ সময়ত ধৰা পৰিলে থিতাতে ৫০০ টকা জৰিমনা ভৰিব লাগিব।

1 / 5
ষ্টে’চনত ৰে’লপথ পাৰ হ’বলৈ ছাবমেট্ৰ’ বা ফুটব্ৰিজ থাকে। সেই অনুসাৰে খোজ কাঢ়ি ৰে’লপথ পাৰ হৈ যোৱাটো অবৈধ। খোজ কাঢ়ি ৰে’লপথ পাৰ হৈ ধৰা পৰিলে শাস্তি দিয়াৰ ব্যৱস্থা আছে। ইয়াৰ বাবে জৰিমনা বিহা হ’ব পাৰে। আনকি ৰে’লৱেৰ সা-সম্পত্তিৰ ক্ষতি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ব পাৰে।

2 / 5
কোনো জৰুৰী কাৰণত হঠাতে চলন্ত অৱস্থাত ৰে’লখন ৰখাই দিয়াৰ বাবে প্ৰতিটো কোঠাতে এডাল চেইন থাকে। কিন্তু কোনো কাৰণ নোহোৱাকৈ ৰে’ল ৰখাই দিয়াটো অপৰাধ। ইয়াৰ বাবে গুৰুতৰ শাস্তি হ’ব পাৰে। আনকি কাৰাবাসৰ শাস্তিও ভুগিব পাৰে। ইয়াৰ বাহিৰেও ৰে’লত উচ্চস্বৰে কথা কোৱা, কাজিয়া কৰা আৰু বেয়া আচৰণ কৰাৰো শাস্তিৰ ব্যৱস্থা আছে।

3 / 5
ষ্টেচন চৌহদত বা ৰে’লৰ ভিতৰত টিটিক অভদ্ৰ আচৰণ বা কু-ব্যৱহাৰ কৰিব নোৱাৰিব। তেনে কৰিলে আপোনাৰ বিৰুদ্ধে ৰে’লৱেই ব্যৱস্থা ল’ব পাৰে। প্লেটফৰ্মত ৰ”লৰ বাবে অপেক্ষা কৰাৰ সময়ত হালধীয়া লাইনৰ ভিতৰত থিয় হ’ব লাগে। অন্যথা ৰে’লৱেৰ ১৪৭ নং ধাৰা অনুসৰি ৫০০ টকা জৰিমনা বিহা হ’ব পাৰে।

4 / 5
কেতিয়াবা ৰে’লত অতিমাত্ৰা ভিৰ হোৱা দেখা যায়। বহু সময়ত পুৰুষ যাত্ৰীসকলেও আসন লাভ নকৰাৰ বাবে বা থিয় হ’বলৈ ঠাই নোহোৱাৰ বাবে শেষ মুহূৰ্তত মহিলাৰ বাবে সংৰক্ষিত কোঠালৈ যোৱা দেখা যায়। এনে কৰা উচিত নহয়, ইয়াৰ বাবে যাত্ৰীগৰাকীৰ জৰিমনাও হ’ব পাৰে।

5 / 5
Latest Stories