Sumi Bora: আজিও পলাতক চুমি বৰা, চুমিৰ সৈতে নাম সাঙোৰ খোৱা সাংস্কৃতিক জগতৰ লোকসকলে দিছে স্পষ্টীকৰণ | People from the cultural world, whose name has cropped up with Sumi Bora, have given clarifications Assam news - Assam Tv9

Sumi Bora: আজিও পলাতক চুমি বৰা, চুমিৰ সৈতে নাম সাঙোৰ খোৱা সাংস্কৃতিক জগতৰ লোকসকলে দিছে স্পষ্টীকৰণ

Published: 

07 Sep 2024 17:17 PM

Sumi and Bishal: অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি বিশাল আৰু চুমিয়ে এক বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈছিল। চুমি বৰা আৰু বিশাল ফুকন বিতৰ্কত নাম সাঙোৰ খাইছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুলোকৰ নাম।

1 / 5আজিও

আজিও সন্ধান পোৱা নাই ‘ৰীলছ ৰাণী’ চুমি বৰাৰ। আৰক্ষীৰ চকুত ধূলি দি এতিয়াও পলাতক প্ৰৱঞ্চক চুমী আৰু স্বামী তাৰ্কিক বৰা।

2 / 5

এই ট্ৰেডিং বিতৰ্কৰ লগত অভিনেতা যতীন বৰা, প্ৰস্তুতি পৰাশৰ, নীলাক্ষী নেওগ, মণ্টুমণি আৰু কণ্ঠশিল্পী দীপলিনা জড়িত থকা বুলি একাংশ সংবাদ মাধ্যমে প্ৰচাৰ চলাইছিল। ইয়াৰ পিছতে সামাজিক মাধ্যমত সকলোৱে স্পষ্টীকৰণ দি গৈছে।

3 / 5

কণ্ঠশিল্পী দীক্ষুৰ বিশালৰ সৈতে সামাজিক মাধ্যমত এখন ফটো ভাইৰেল হৈছিল, য'ত দীক্ষুৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে চুমি-বিশালে দীক্ষুক গাড়ী উপহাৰ দিছে। আজি কণ্ঠশিল্পী দিক্ষুৱে সামাজিক মাধ্যমত কয়- মই মানসিক ভাৱে ভাঙি পৰিছোঁ। বেংকত এতিয়াও মোৰ লোন আছে, কষ্টোপাৰ্জিত ধনেৰে গাড়ী-ঘৰ কিনিছোঁ,আইনৰ লগত মই সম্পূৰ্ণ সহযোগ কৰিম।

4 / 5

ইফালে ন্যায়িক জিম্মালৈ প্ৰেৰণ প্রৱঞ্চক চুমি বৰাৰ পাতি লোৱা ভাতৃ বিশাল ফুকনক। আজি ৫ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হৈছিল বিশালৰ।

5 / 5

চুমী বৰাই হওক বা আন কোনোবাই হওক এটা সময়ৰ পিছত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবই লাগিব। দোষীয়ে শাস্তি পাবই বুলি মন্তব্য কৰিছে DGP জি পি সিঙে।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version