বুধবাৰে হঠাৎ অসুস্থ হৈ পৰে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী। প্ৰথম অৱস্থাত সাংসদগৰাকীক বঙাইগাঁও লৱাৰ আসাম হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। লৱাৰ আসাম হস্পিতালৰ স্বতাধিকাৰী তথা জ্যেষ্ঠ চিকিৎসক ইতেশ বৰদলৈও সাংসদগৰাকীৰ সৈতে গুৱাহাটীৰ চিকিৎসালয়লৈ আহে।
পোহৰলৈ অহা খবৰ অনুসৰি, বুধবাৰে সন্ধিয়াৰ ভাগত সাংসদগৰাকী অসুস্থ হৈ পৰে। লগে লগে তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত গুৱাহাটীস্থিত হেলথ চিটি হাস্পাতাললৈ প্ৰেৰণ কৰে। সাংসদগৰাকীৰ স্বাস্থ্যৰ বাবে এতিয়া তেওঁৰ পৰিয়ালৰ লগতে সতীৰ্থ তথা অনুৰাগীসকল চিন্তিত হৈ পৰিছে।
জানিব পৰা মতে, শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে নিশা প্ৰায় ১২.৩০ মান বজাত সাংসদগৰাকীক হেলথ চিটি হাস্পাতালত ভৰ্তি কৰোৱা হয়। হাস্পাতালত ভৰ্তি হোৱাৰ কিছুসময় পাছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হাস্পাতালত উপস্থিত হৈ সাংসদগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।
সাংসদগৰাকী অসুস্থ হোৱা সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, ফণীভূষণ চৌধুৰীয়ে উশাহৰ সমস্যাত ভোগা বাবে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকে জনাইছে যে বৰ্তমান তেওঁ সুস্থ অৱস্থাত আছে। হাৰ্টৰ সমস্যা তেওঁৰ আগৰ পৰাই আছে, পেছমেকাৰ লগোৱা আছে। কিন্তু এতিয়া সুস্থ আছে।
বৰুৱাই কয় যে, বৰ্তমান সাংসদগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে। তাৰ পাছত চিকিৎসকে জনাব প্ৰকৃততে কি হৈছিল। উল্লেখ্য যে, সাংসদগৰাকীৰ অসুস্থতাৰ খবৰ পাই তেওঁৰ সতীৰ্থ, অনুৰাগীসকল চিন্তিত হৈ পৰিছে। সকলোৱে সাংসদগৰাকীৰ সুস্বাস্থ্য কামনা কৰিছে।