ঝুমুৰ চাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰীয়ে জনালে আমন্ত্ৰণ... | PM Modi will visit Assam in February 2025 Assam news - Assam Tv9

ঝুমুৰ চাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰীয়ে জনালে আমন্ত্ৰণ…

Published: 

03 Dec 2024 10:03 AM

২৪ ফেব্রুৱাৰী ২০২৫ত গুৱাহাটীত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ৰ অংশ স্বৰূপে ঝুমুৰ নৃত্য আয়োজন হ'ব। এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ বাবে ইতিমধ্যে মোদীক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

1 / 5ঝুমুৰ নৃত্য চাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মু লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰো আহিব পাৰে অসমলৈ। ২ ডিচেম্বৰত মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসম আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন ২০২৫ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, অহা ২৪-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ অসম ২.০।

ঝুমুৰ নৃত্য চাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মু লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰো আহিব পাৰে অসমলৈ। ২ ডিচেম্বৰত মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসম আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন ২০২৫ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, অহা ২৪-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ অসম ২.০।

2 / 5

লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰো আহিব পাৰে অসমলৈ। ২ ডিচেম্বৰত মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসম আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন ২০২৫ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, অহা ২৪-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ অসম ২.০।

3 / 5

উল্লেখ কৰা প্ৰয়োজন যে, ২৪ ফেব্রুৱাৰী ২০২৫ত গুৱাহাটীত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ৰ অংশ স্বৰূপে ঝুমুৰ নৃত্য আয়োজন হ'ব। য'ত অসমৰ ৮০০ খন চাহ বাগিচাৰ পৰা ৩২ গৰাকীকৈ যুৱতী, সেই অনুপাতে যুৱকে সাৰ্বজনীন ভাৱে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। এই অনুষ্ঠানত ৭৫০০ নাচনী আৰু কলা- কুশলীয়ে অংশ গ্ৰহণ কৰি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব।

4 / 5

এই কাৰ্যসূচীৰ ঘোষণা কৰি কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে, ঝুমুৰৰ প্ৰদৰ্শনৰ জৰিয়তে দেশী- বিদেশী বিনিয়োগকাৰীসকলে অসমৰ বাৰেৰহনীয় সংস্কৃতিৰ এক আভাস দেখিবলৈ পাব। ইয়াৰ বাবে মাষ্টাৰ ট্ৰেইনাৰ, এল এ চি, জিলা ভিত্তিত কাৰ্যসূচী, গুৱাহাটীলৈ অনাকে ধৰি সকলো ব্যৱস্থা কৰা হ’ব।

5 / 5

উল্লেখ্য যে, অহা ২৪-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এডভান্টেজ অসম ২.০ ইনভেচমেন্ট এণ্ড ইনফাষ্ট্ৰাকচাৰ চাবমিট ২০২৫ (Advantage Assam 2.0)। এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনহাতে সামৰণি অনুষ্ঠানৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আদৰণি জনোৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। এই সন্মিলনখনত বিনিয়োগৰ লগতে আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...