হিমন্ত বিশ্বলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ চিঠি, মুখ্যমন্ত্ৰীলৈ কি লিখিলে মোদীয়ে... | Pm narendra modi birthday wish to himanta biswa sarma know what he says assam Assam news - Assam Tv9

হিমন্ত বিশ্বলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ চিঠি, মুখ্যমন্ত্ৰীলৈ কি লিখিলে মোদীয়ে…

Updated On: 

02 Feb 2025 13:20 PM

জন্মদিন উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিভিন্নজনে শুভকামনা জনায়। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এখন বিশেষ চিঠি পোষ্ট কৰিছে। এই চিঠিখন মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰেৰণ কৰিছে।

1 / 5১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। এই বিশেষ দিনটোত মুখ্যমন্ত্ৰীগৰাকীক বিভিন্নজনে শুভকামনা জনায়। মুখ্যমন্ত্ৰীৰ অনুৰাগীসকলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ নেতা-মন্ত্ৰীয়ে শৰ্মাক অভিনন্দন জনায়।

১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। এই বিশেষ দিনটোত মুখ্যমন্ত্ৰীগৰাকীক বিভিন্নজনে শুভকামনা জনায়। মুখ্যমন্ত্ৰীৰ অনুৰাগীসকলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ নেতা-মন্ত্ৰীয়ে শৰ্মাক অভিনন্দন জনায়।

2 / 5

ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এখন বিশেষ চিঠি পোষ্ট কৰিছে। এই চিঠিখন জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চিঠিখনত মোদীয়ে হিমন্ত বিশ্ব শৰ্মাক জন্মদিনৰ শুভেচ্ছা জনাই তেওঁৰ কামৰ শলাগ লয়। লগত মুখ্যমন্ত্ৰীৰ সহযোগত অসম জিলিক উঠিব বুলি মোদীয়ে আশা কৰে।

3 / 5

এই চিঠিখনৰ কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখে যে- মোৰ ওপজা দিনটিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰেৰণ কৰা এই সুন্দৰ চিঠিখন আপোনালোকৰ সৈতে ভগাই ল'বলৈ পাই সুখী অনুভৱ কৰিছোঁ৷ এনেধৰণৰ আশীৰ্বাদ আৰু শুভ বাৰ্তাই আপোনালোকৰ সেৱা কৰি যাবলৈ মোক অনুপ্ৰাণিত কৰে, জাতিটোৰ বাবে কিছু অৱদান আগবঢ়াবলৈ উৎসাহিত কৰে।

4 / 5

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীক বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আদিয়ে শুভকামনা জ্ঞাপন কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, বিজেপিৰ জ্যেষ্ঠ নেতা গজেন্দ্ৰ সিং শেখাৱট, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙকে ধৰি বিভিন্নজনে শুভেচ্ছা জনায়।

5 / 5

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও মুখ্যমন্ত্ৰীক শুভেচ্ছা জনায়। অসমৰ কেইবাগৰাকী মন্ত্ৰী, বিধায়কে মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা প্ৰেৰণ কৰাৰ লগতে বহুতে উপহাৰৰ টোপোলাও প্ৰেৰণ কৰে। জন্মদিনৰ দিনা শৰ্মাই কেইবাটাও প্ৰকল্প অসমৰ ৰাইজৰ বাবে আগবঢ়ায়। বিজেপিয়ে ৩ দিনীয়াকৈ জন্মদিনৰ কাৰ্যসূচী পালন কৰিছে।

দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?
তীৰ্থ যাত্ৰাত হোৱা মৃত্যুই কিহৰ সংকেত দিয়ে জানেনে?
সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া