এটকাও নিদিয়াকৈ কৰক ৰে'লেৰে তীৰ্থ ভ্ৰমণ, জানক কেনেকৈ পাব এই সুবিধা | Pm narendra modi flags off pravasi bharatiya Express, know the details Assam news - Assam Tv9

এটকাও নিদিয়াকৈ কৰক ৰে’লেৰে তীৰ্থ ভ্ৰমণ, জানক কেনেকৈ পাব এই সুবিধা

Updated On: 

14 Jan 2025 20:56 PM

Indian Railways: ৰে'লযোগে সমগ্ৰ দেশ ভ্ৰমণ কৰিবলৈ এটকাও খৰছ কৰিব নালাগে। এতিয়া সকলো খৰচ বহন কৰিব চৰকাৰে। জানক এই বিষয়ে সবিশেষ।

1 / 9বহুলোকে ভ্ৰমণ কৰি ভাল পায়, কিন্তু টকাৰ বাবে মন থাকিলেও ভ্ৰমণলৈ যাব নোৱাৰে। এতিয়া আৰু চিন্তা নাই, সেই দুখৰ সমাধান পোৱা গৈছে।

বহুলোকে ভ্ৰমণ কৰি ভাল পায়, কিন্তু টকাৰ বাবে মন থাকিলেও ভ্ৰমণলৈ যাব নোৱাৰে। এতিয়া আৰু চিন্তা নাই, সেই দুখৰ সমাধান পোৱা গৈছে।

2 / 9

এই ৰে'লযোগে আপোনাৰ গোটেই দেশৰ তীৰ্থ ভ্ৰমণ হৈ যাব। য'ত আপুনি ভ্ৰমণ কৰাৰ বাবদ এটকাও দিব নালাগে।

3 / 9

কিন্তু এটকাও নিদিয়াকৈ ভ্ৰমণ কৰাটো কেনেকৈ সম্ভৱ? পৰ্যটনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছে প্ৰবাসী ভাৰতীয় এক্সপ্ৰেছ নামৰ এখন বিশেষ ৰে’ল।

4 / 9

ৰে'লখনৰ নামটোৰ দৰেই এই ৰে'লখন প্ৰবাসী ভাৰতীয়ৰ বাবে মুকলি কৰা হৈছে।

5 / 9

১৫০ গৰাকী প্ৰবাসী ভাৰতীয়ই ১৫ দিনীয়া ভ্ৰমণত যাব পাৰিব।

6 / 9

এই ৰে'লৰ দায়িত্ব লৈছে ভাৰতীয় ৰে'লৱেই। ৰে'লযোগে সমগ্ৰ দেশ ভ্ৰমণ কৰিবলৈ এটকাও খৰচ কৰিব নালাগে। সকলো খৰচ বহন কৰিব চৰকাৰে।

7 / 9

এই বিশেষ পৰ্যটন ৰে’লখন বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু আই আৰ চি টি চিৰ সহযোগত মুকলি কৰা হৈছে।

8 / 9

৪৫ৰ পৰা ৬৫ বছৰ বয়সৰ ভিতৰৰ প্ৰবাসী ভাৰতীয়ই এই ৰে’লৰ যোগেৰে সমগ্ৰ দেশ ভ্ৰমণ কৰিব পাৰিব আৰু বিভিন্ন তীৰ্থস্থান দেখা পাব।

9 / 9

এই ৰে'লখনে অযোধ্যা, আগ্ৰা, পাটনা, গয়া, বাৰাণসী, মহাবলীপুৰম, ৰামেশ্বৰম, মাদুৰাই, কোচি, গোৱা, আজমেৰ, পুষ্কৰ আদি ধৰ্মীয় আৰু পৰ্যটন কেন্দ্ৰ পৰিদৰ্শন কৰিব।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!