আন এক আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদীঃ কুৱেইটে আগবঢ়ালে সৰ্বোচ্চ সন্মান | PM Narendra Modi receives Kuwait highest civilian award The Order of Mubarak the Great Assam news - Assam Tv9

আন এক আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদীঃ কুৱেইটে আগবঢ়ালে সৰ্বোচ্চ সন্মান

Published: 

22 Dec 2024 18:51 PM

দুদিনীয়া সূচীৰে কুৱেইট ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়তে আন এক আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী। এইবাৰ প্ৰধানমন্ত্ৰী মোদীক কুৱেইটৰ সৰ্বোচ্চ সন্মান ‘দ্য অৰ্ডাৰ অৱ মুবাৰক আল কবীৰ’ৰে সন্মানিত কৰা হৈছে। এইদৰে যিকোনো দেশে আগবঢ়োৱা ২০তম আন্তৰ্জাতিক সন্মান লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

1 / 5গত ৪৩টা বৰ্ষৰ পিছত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইট ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পূৰ্বে ১৯৮১ চনত অন্তিমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে কুৱেইট ভ্ৰমণ কৰিছিল ইন্দিৰা গান্ধীয়ে। শনিবাৰে কুৱেইটত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনত থকা ভাৰতীয় লোকসকলক সম্বোধন কৰি ভাৰতীয় শ্ৰমিক শিবিৰ পৰিদৰ্শন কৰে।

গত ৪৩টা বৰ্ষৰ পিছত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইট ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পূৰ্বে ১৯৮১ চনত অন্তিমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে কুৱেইট ভ্ৰমণ কৰিছিল ইন্দিৰা গান্ধীয়ে। শনিবাৰে কুৱেইটত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনত থকা ভাৰতীয় লোকসকলক সম্বোধন কৰি ভাৰতীয় শ্ৰমিক শিবিৰ পৰিদৰ্শন কৰে।

2 / 5

আজি কুৱেইটৰ বায়ান পেলেচত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। বায়ান পেলেচত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। গাৰ্ড অৱ অনাৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। তেওঁক উষ্ম আদৰণি জনায় কুৱেইটৰ প্ৰধানমন্ত্ৰী শ্বেখ আহমেদ আব্দুল্লা আল আহমদ আল ছাবাহে।

3 / 5

প্ৰধানমন্ত্ৰী মোদীয়ে আজি কুৱেইটৰ আমিৰ শ্বেখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয়। আলোচনাত ভাৰত-কুৱেইট সম্পৰ্কক নতুন গতি প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিশেষকৈ বাণিজ্য, বিনিয়োগ আৰু শক্তিৰ ক্ষেত্ৰত পাৰস্পৰিক বিনিয়োগ আৰু বাণিজ্যৰ ওপৰত বৈঠকত আলোচনা কৰা হয়।

4 / 5

এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী মোদীক কুৱেইটৰ সৰ্বোচ্চ সন্মান ‘দ্য অৰ্ডাৰ অৱ মুবাৰক আল কবীৰ’ৰে সন্মানিত কৰা হয়। কুৱেইটৰ আমিৰ শ্বেইখ মেছাল আল আহমদ আল-জাবেৰ আল চাবাহে প্ৰধানমন্ত্ৰী মোদীক এই সৰ্বোচ্চ অসামৰিক সন্মান আগবঢ়ায়। যিকোনো দেশে প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা এয়া ২০তম আন্তৰ্জাতিক সন্মান।

5 / 5

‘দ্য অৰ্ডাৰ অৱ মুবাৰক আল কবীৰ’ কুৱেইটৰ নাইটহুড অৰ্ডাৰ। এইষন্মান বন্ধুত্বৰ প্ৰতীক হিচাপে ৰাষ্ট্ৰৰ মুৰব্বী আৰু বিদেশী ৰাষ্ট্ৰপতি তথা বিদেশী ৰাজপৰিয়ালৰ সদস্যক প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে এই সন্মান আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, জৰ্জ বুশ্ব আৰু ব্ৰিটেইনৰ ৰজা প্ৰিন্স চাৰ্লছক প্ৰদান কৰা হৈছিল।

শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...