05 Feb 2025 20:41 PM
চূড়ান্ত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ। ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
বিয়লি ৫ বজাত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দুটাকৈ বিশেষ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে।
২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত ঝুমুৰৰ সমূহীয়া নৃত্য চাব প্ৰধানমন্ত্ৰী মোদীয়ে। পিছদিন ২৫ ফেব্ৰুৱাৰীত দিনৰ ১১:৩০ -১:৩০ বজালৈ এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।
২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ ৭৫০০ গৰাকী ঝুমুৰ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব চাহ জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য ঝুমুৰ। সেই অনুষ্ঠানতে বিহুৰ পাছত ঝুমুৰ নৃত্যই সৃষ্টি কৰিব বিশ্ব ৰেকৰ্ড।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়- “প্ৰধানমন্ত্ৰীয়ে ২৪ ফ্ৰেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত গুৱাহাটী পাবহি৷ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত সেইদিনা অনুষ্টিত হ’বলগীয়া সমূহীয়া ঝুমুৰ নৃত্য উপভোগ কৰিব৷’’