প্ৰধানমন্ত্ৰী মোদীৰ পাগুৰিয়ে দৃষ্টি আকৰ্ষণ কৰিলে দেশবাসীৰ | PM Narendra Modi's Traditional Turban Shines on 76th Republic Day Celebration Assam news - Assam Tv9

76th Republic Day Celebration : প্ৰতিবছৰৰ দৰে প্ৰধানমন্ত্ৰী মোদীৰ পাগুৰিয়ে দৃষ্টি আকৰ্ষণ কৰিলে দেশবাসীৰ, ইয়াৰ বিশেষত্ব জানেনে ?

Updated On: 

26 Jan 2025 16:48 PM

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে পৰম্পৰাগত সাজত দেখা গ’ল প্ৰধানমন্ত্ৰী মোদীক। প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁৰ পাগুৰিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

1 / 5ভাৰতে আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। আজি এই বিশেষ দিনটোত প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাগুৰি আৰু কোট পৰিধান কৰি পেৰেডত অংশগ্ৰহণ কৰা দেখা গ’ল। ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে পৰম্পৰাগত সাজত দেখা গ’ল প্ৰধানমন্ত্ৰী মোদীক। প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁৰ পাগুৰিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

ভাৰতে আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। আজি এই বিশেষ দিনটোত প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাগুৰি আৰু কোট পৰিধান কৰি পেৰেডত অংশগ্ৰহণ কৰা দেখা গ’ল। ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে পৰম্পৰাগত সাজত দেখা গ’ল প্ৰধানমন্ত্ৰী মোদীক। প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁৰ পাগুৰিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

2 / 5

প্ৰধানমন্ত্ৰী মোদীয়ে সদায় সাজ-পোছাকৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যক প্ৰচাৰ কৰা দেখা যায়। এইবাৰ গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিন্ধিছিল বগা কুৰ্তা-পাইজামা আৰু বাদামী ৰঙৰ কোট। ৰঙা আৰু হালধীয়া ৰঙৰ পাগুৰি পৰিধান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

3 / 5

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ উপলক্ষে বিশেষ পাগুৰি পৰিধান কৰা দেখা যায়। এইবাৰো তেওঁৰ পাগুৰিটোৱে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই ৰঙা আৰু হালধীয়া পাগুৰিটোৱে ৰাজস্থানৰ যোধপুৰক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনতো তেওঁ গণৰাজ্য দিৱস উপলক্ষে বন্ধনী প্ৰিন্টৰ পাগুৰি পিন্ধিছিল।

4 / 5

প্ৰতি বছৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন পৰম্পৰা আৰু ৰাজ্যক প্ৰতিফলন ঘটোৱা পাগুৰি পৰিধান দেখা যায়। ২০২৩ চনত তেওঁ ৰাজস্থানৰ পৰম্পৰাগত বন্ধেজ পাগুৰি পিন্ধিছিল, যাক বন্ধনী প্ৰিন্ট বুলিও কোৱা হয়।

5 / 5

২০২১ চনত তেওঁ ৰঙা ৰঙৰ গুজৰাটৰ হালাৰী পাগুৰি পিন্ধিছিল । ২০২০ চনত এই উপলক্ষে বন্ধেজ প্ৰিন্ট থকা কেশৰ ৰঙৰ পাগুৰি পিন্ধিছিল। এইবাৰো প্ৰধানমন্ত্ৰী মোদীৰ ৰঙা আৰু হালধীয়া পাগুৰিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

পুৰীৰ জগন্নাথ মন্দিৰৰ অলৌকিক শক্তি! কিয় বতাহৰ বিপৰীত দিশত উৰে মন্দিৰৰ পতাকা?
যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
কাজিৰঙাত গঁড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু
ভাৰতৰ কোনখন চহৰত কণ্ডমৰ ৰাজধানী বুলি কোৱা হয়, জানেনে?