শীতকালত সুস্বাস্থ্য বজাই ৰাখিবলৈ অভ্যাস কৰক এই পাঁচটা যোগাসন... | Practice these five yoga poses to stay healthy in winter Assam news - Assam Tv9

শীতকালত সুস্বাস্থ্য বজাই ৰাখিবলৈ অভ্যাস কৰক এই পাঁচটা যোগাসন…

Published: 

04 Jan 2025 14:04 PM

সুস্বাস্থ্যৰ বাবে যোগাসন অভ্যাস কৰাটো অতি প্ৰয়োজন । বিভিন্ন বেমাৰ পৰাৰ উপশম পাবলৈ প্ৰতিদিনে যোগাসন কৰিব পাৰে । যদি শীতকালত সুস্বাস্থ্যৰ বজাই ৰাখিব বিচাৰে তেন্তে এই পাঁচটা যোগাসন অভ্যাস কৰক ।

1 / 5সেতুবন্ধাসন - এই আসন অভ্যাস কৰিবলৈ প্ৰথমে আপুনি ওপৰলৈ মূৰ কৰি শুই ল’ব। ইয়াৰ পাছতে ভৰি দুখন চপাই ল’ব আৰু হাতেৰে চুবলৈ চেষ্টা কৰিব । এতিয়া শৰীৰৰ মাজৰ অংশ উশাহলৈ ওপৰলৈ উঠাই দিব আৰু থুতৰিটো বুকুত লগাবলৈ চেষ্টা কৰিব । এইদৰে আপুনি উশাহ-নিশাহ স্বাভাৱিকভাৱে ৰাখি ১০ চেকেণ্ড থাকিবলৈ চেষ্টা কৰিব ।

সেতুবন্ধাসন - এই আসন অভ্যাস কৰিবলৈ প্ৰথমে আপুনি ওপৰলৈ মূৰ কৰি শুই ল’ব। ইয়াৰ পাছতে ভৰি দুখন চপাই ল’ব আৰু হাতেৰে চুবলৈ চেষ্টা কৰিব । এতিয়া শৰীৰৰ মাজৰ অংশ উশাহলৈ ওপৰলৈ উঠাই দিব আৰু থুতৰিটো বুকুত লগাবলৈ চেষ্টা কৰিব । এইদৰে আপুনি উশাহ-নিশাহ স্বাভাৱিকভাৱে ৰাখি ১০ চেকেণ্ড থাকিবলৈ চেষ্টা কৰিব ।

2 / 5

উষ্ট্ৰাসনা – যোগাসনৰ মেটত প্ৰথমে আঁঠু লৈ বহিব । মনকৰিব যে, আপোনাৰ কান্ধৰ সমান্তৰালভাৱে আঁঠু দুটা ৰাখিব আৰু ভৰিৰ তলুৱা ওপৰৰ ফালে কৰি ৰাখিব । ইয়াৰ পাছতে আপোনাৰ কঁকালটো পিছলৈ বেঁকা কৰক আৰু আপোনাৰ দুয়োখন হাতেৰে ভৰিৰ তলুৱাত ধৰক । ভৰিৰ তলুৱাত হাতৰ তলুৱা ৰাখি পোন্ধৰ চেকেণ্ড এই ভংগীমাত থাকিব। লাহে লাহে আৰম্ভণিৰ অৱস্থালৈ উভতি যাওক। এই আসন কৰিলে ডিঙি আৰু পিঠি বিষৰ পৰা উপশম পোৱা যায় ।

3 / 5

পাৰ্বতাসন - এই আসন অভ্যাস কৰিবলৈ সুখাসন ভংগীমাত বহি আকাশৰ ফালে হাত উঠাব লাগে। হাতৰ তলুৱা দুখন ইটোৱে সিটোৰ সন্মুখত ৰাখক বা হাত দুখন ওপৰলৈ দাঙি নমস্কাৰ কৰক । এতিয়া দুয়োখন হাত যোগ কৰক আৰু উশাহ লওঁতে হাত দুখন ওপৰলৈ টানি লওক। পেটৰ পেশীবোৰত সামান্য টানি লোৱা অনুভৱ কৰিব। এই ভংগীমাটো ১২-১৫ ছেকেণ্ড ধৰি ৰাখক। এই আসন পাঁচবাৰ পুনৰাবৃত্তি কৰক।

4 / 5

কপালভাটি - সুখাসনত আৰামত বহি আঁঠুত হাতৰ তলুৱা ওপৰলৈ কৰি ৰাখক। নতুবা বজ্ৰাসনতো বহিব পাৰে । ইয়াৰ পাছতে উশাহ লওক আৰু নাকেৰে উশাহ এৰি দিওঁতে পেটটো টানি লওক। এতিয়া উশাহ লৈ পেটৰ পেশীবোৰ ঢিলা কৰক। পেটৰ পেশীবোৰ পুনৰ সংকোচন কৰি উশাহ এৰি দিয়ক। এই কামটো ৫০ বাৰ কৰক আৰু যেতিয়া আপুনি অনুশীলনত আৰাম অনুভৱ কৰিব । প্ৰতিদিনে পুৱা আৰু গধূলি এই অভ্যাস কৰিব পাৰে।

5 / 5

উজ্জয়ী প্ৰাণায়ম – সুখাসন ভংগীমাত আৰামত বহিব। চকু দুটা মুদি আঁঠুৰ ওপৰত হাত ৰাখক। নাকৰ ফুটাৰে লাহে লাহে আৰু গভীৰভাৱে উশাহ লওক আৰু যিমান পাৰি সিমান সময় উশাহ বন্ধ কৰি ৰাখক। লাহে লাহে আৰু গভীৰভাৱে উশাহ এৰিব। উল্লেখ্য যে, যোগাসন বা প্ৰাণায়ম সঠিকভাৱে কৰাটো অতি প্ৰয়োজন । কিয়নো ভুলকৈ অভ্যাস কৰিলে শৰীৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে । গতিকে অভ্যাস কৰাৰ আগতে প্ৰশিক্ষকৰ পৰামৰ্শ গ্ৰহণ কৰক ।

ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে