এপ্ৰিল মাহত অসম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৱে | President Droupadi Murmu to Visit Assam for Srimanta Sankardeva Award Ceremony in April 2025 Assam news - Assam Tv9

এপ্ৰিল মাহত অসম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৱে, নিমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে…

Published: 

19 Jan 2025 08:52 AM

এপ্ৰিল মাহত অসম ভ্ৰমণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ২০২৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ গ্ৰহণ কৰিছে দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ।

1 / 5সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে এপ্ৰিল মাহত অসম ভ্ৰমণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ২০২৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ গ্ৰহণ কৰিছে দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে । এইলৈ ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জনাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে এপ্ৰিল মাহত অসম ভ্ৰমণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ২০২৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ গ্ৰহণ কৰিছে দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে । এইলৈ ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জনাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

2 / 5

ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি ৰাজ্যৰ নিমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। উল্লেখ্য যে, শনিবাৰে দিনটোত দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

3 / 5

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, 'মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ সৈতে সাক্ষাতৰ সুযোগ লভি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ ৰাজ্যলৈ ভ্ৰমণ তথা ২০২৫ চনৰ এপ্ৰিল মাহত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত সৌষ্ঠৱবৰ্ধক উপস্থিতিৰ হেতু আমাৰ অনুৰোধ ৰক্ষা কৰি নিমন্ত্ৰণ গ্রহণ কৰাৰ বাবে মাননীয় ৰাষ্ট্ৰপতি মহোদয়ালৈ ৰাজ্যবাসীৰ হৈ গভীৰ কৃতজ্ঞতা জনাইছোঁ।'

4 / 5

তেওঁ লগতে কয় যে, 'সাক্ষাতৰ জৰিয়তে তেখেতৰ মূল্যৱান সময় আৰু দিক-নিৰ্দেশনাৰ বাবে আমি ধন্য৷' গতিকে এপ্ৰিল মাহত অসম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৱে ।

5 / 5

দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মু এই ভ্ৰমণ অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব । উল্লেখ্য যে, ৰাজ্যৰ সাংস্কৃতিক আৰু সামাজিক উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনোৱা উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয় ।

প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া