আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ড'নাল্ড ট্ৰাম্পৰ সৈতে ফোনযোগে কথা পাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়চোৱাত মোদীয়া ট্ৰাম্পত অভিবাদন জনায়। লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে শীঘ্ৰেই সাক্ষাৎ কৰাৰ কথাও কয়। দুয়োগৰাকী নেতাই কয় যে দুই দেশৰ মাজত সম্পৰ্ক মজবুত কৰি ৰখা অতি গুৰুত্বপূৰ্ণ। এই আলোচনা ভাৰত- আমেৰিকাৰ সম্পৰ্কৰ নতুন দিনৰ বাবে গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে।
এই সন্দৰ্ভত এক্সত পোষ্ট কৰি মোদীয়ে লিখে যে, ভাৰত আৰু আমেৰিকাৰ মাজত পাৰস্পৰিকভাৱে লাভ আৰু নিৰ্ভৰযোগ্য অংশীদাৰিত্ব শক্তিশালী হ’ব। দুয়োখন দেশেই নিজৰ জনসাধাৰণৰ কল্যাণ আৰু বিশ্ব শান্তি, সমৃদ্ধি আৰু নিৰাপত্তাৰ বাবে একেলগে কাম কৰিব।
উল্লেখ্য যে, ট্ৰাম্প আৰু মোদীৰ ঘনিষ্ঠ সম্পৰ্ক আছে। গতিকে শীঘ্ৰেই দুয়োগৰাকী নেতা লগ হ'ব পাৰে। সম্ভৱত ফেব্ৰুৱাৰীৰ মাজভাগত দুয়োগৰাকী নেতা মিলিত হ'ব পাৰে। আশা কৰা হৈছে ট্ৰাম্পে পেৰিছৰ এআই সন্মিলনত অংশ গ্ৰহণ কৰিব পাৰে বা মোদী ফেব্ৰুৱাৰীৰ ডিচি ভ্ৰমণ কৰিব পাৰে।
আলোচনাৰ সময়ত দুইগৰাকী নেতাই সুৰক্ষাৰ বিষটোৰ ওপৰতো গুৰুত্ব দিয়ে। বিশেষকৈ সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ দৰে আঞ্চলিক ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰে। আশা কৰা কৈছে, ট্ৰাম্পৰ শাসনে আগন্তুক সময়ত ভাৰতৰ বাবেও ভাল খবৰ আনিব পাৰে।