মানৱ অধিকাৰ দিৱসৰ দিনাই আফছপা বাতিলৰ দাবীত উত্তাল মণিপুৰৰ ৰাজপথ | Protests in Manipur on Human Rights Day Demanding AFSPA Repeal Assam news - Assam Tv9

Protests Against AFSPA : মানৱ অধিকাৰ দিৱসৰ দিনাই আফছপা বাতিলৰ দাবীত উত্তাল মণিপুৰৰ ৰাজপথ…

Updated On: 

10 Dec 2024 20:38 PM

মানৱ অধিকাৰ দিৱসৰ উপলক্ষে আফছপা প্ৰত্য়াহাৰৰ দাবীত পুনৰ উত্তাল হৈ পৰিল মণিপুৰৰ ৰাজপথ । ইম্ফলত আফছপা প্ৰত্যাহাৰ আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে জিৰিবাম জিলাত তিনিটা শিশুসহ ছয়জন লোকক কৰাৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক প্ৰতিবাদকাৰীয়ে ।

1 / 5আফছপা প্ৰত্য়াহাৰৰ দাবীত আজি পুনৰ উত্তাল হৈ পৰিল মণিপুৰৰ ৰাজপথ । মণিপুৰৰ ৰাজধানী ইম্ফলত মঙলবাৰে আফছপা প্ৰত্যাহাৰৰ দাবীৰ লগতে যোৱা মাহত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে জিৰিবাম জিলাত তিনিটা শিশুসহ ছয়জন লোকক হত্যা কৰাৰ প্ৰতিবাদত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে ।(Photo-PTI)

আফছপা প্ৰত্য়াহাৰৰ দাবীত আজি পুনৰ উত্তাল হৈ পৰিল মণিপুৰৰ ৰাজপথ । মণিপুৰৰ ৰাজধানী ইম্ফলত মঙলবাৰে আফছপা প্ৰত্যাহাৰৰ দাবীৰ লগতে যোৱা মাহত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে জিৰিবাম জিলাত তিনিটা শিশুসহ ছয়জন লোকক হত্যা কৰাৰ প্ৰতিবাদত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে ।(Photo-PTI)

2 / 5

ইম্ফল পশ্চিম জিলাৰ থাউ খেলপথাৰ এলেকাৰ পৰা আৰম্ভ হোৱা এক সমদলে প্ৰায় ৫ কিলোমিটাৰ অতিক্ৰম কৰি খুমান লম্পক ষ্টেডিয়ামত উপনীত হয়। প্ৰতিবাদকাৰীসকলে প্লেকাৰ্ড লৈ আফছপা প্ৰত্যাহাৰৰ দাবীত ‘মণিপুৰ নিঃশেষ নকৰিব’, ‘মণিপুৰ বচাওক’ আদি শ্লোগান উত্থাপন কৰে।(Photo-PTI)

3 / 5

মানৱ অধিকাৰ দিৱস উপলক্ষে অল মণিপুৰ ইউনাইটেড ক্লাব অৰ্গেনাইজেশ্যন, পইৰেই লেইমাৰল মেইৰা পাইবি আপুনবা মণিপুৰ, সদৌ মণিপুৰ মহিলা স্বেচ্ছাসেৱী সন্থা, মানৱ অধিকাৰ সমিতি আৰু মণিপুৰ ছাত্ৰ ফেডাৰেচনৰ যৌথ উদ্যোগত এই প্ৰতিবাদী সমদল উলিওৱা হয়।(Photo-PTI)

4 / 5

শেহতীয়াকৈ কেন্দ্ৰই হিংসাত্মক পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত জিৰিবামকে ধৰি মণিপুৰৰ ছয়টা থানা এলেকাত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন পুনৰ বলবৎ কৰিছে। আফছপাই অশান্ত হিচাপে চিহ্নিত কৰি কোনো অঞ্চলত সুৰক্ষা নিশ্চিত কৰাৰ বাবে সশস্ত্ৰ বাহিনীক বিশেষ ক্ষমতা প্ৰদান কৰে । এই আইনৰ অধীনত আইন-শৃংখলা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় বুলি বিবেচনা কৰিলে অনুসন্ধান, গ্ৰেপ্তাৰ আৰু গুলীচালনা কৰাৰ ক্ষমতা লাভ কৰে সশস্ত্ৰ বাহিনীয়ে ।(Photo-PTI)

5 / 5

উল্লেখ্য যে, নৱেম্বৰ মাহত জিৰি আৰু বৰাক নদীত তিনিগৰাকী মহিলা আৰু তিনিটা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ৰাজ্যখনত পুনৰ হিংসাত্মক পৰিস্থিতি সৃষ্টি হ’বলৈ আৰম্ভ কৰে । যোৱা বছৰৰ মে’ মাহৰ পৰা ইম্ফল উপত্যকাৰ মেইটেই আৰু পাহাৰীয়া কুকি-জো গোটৰ মাজত হোৱা জাতিগত হিংসাত মণিপুৰত ২৫০ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে।(Photo-PTI)

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?