এজন অভিনেতা হোৱাটো সহজ নহয়। তাতে আকৌ এজন থিয়েটাৰৰ অভিনেতা হ’বলৈ তাতকৈ অধিক কষ্ট কৰিব লাগে। নাটকতকৈও যেতিয়া নাটকীয় হৈ পৰে অভিনেতাৰ জীৱন!পিতৃহাৰা হ’ল অভিনেতা ৰাগ ঐনিতম। (Image Credit source: Social Media)
পিতৃৰ বিয়োগৰ দিনাও অভিনয় কৰি দৰ্শকক আমোদ দিছিল অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে। পিতৃৰ শেষকৃত্য সম্পন্ন কৰা পিছত পুনৰ সন্ধিয়া মঞ্চত অভিনয় কৰে অভিনেতাজনে। (Image Credit source: Social Media)
পিতৃ হেৰুওৱাৰ শোক বুকুত বান্ধি অভিনয়ৰে পুনৰ দৰ্শকক আমোদ দিলে ৰাগ ঐনিতমে। এইবছৰ ৰাজতিলক থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈ আছে অভিনেতাজনে। বুকুত এসাগৰ দুখ লৈ , বিষাদৰ চকুপানীবোৰ ধৰি ৰাখি হাঁহি হাঁহি হ’লেও সংলাপ প্ৰক্ষেপণ কৰে অভিনেতাজনে। (Image Credit source: Social Media)
কিছুদিন পূৰ্বে পিতৃৰ ঘৰতে পিচলি পৰি femur bone fracture হৈছিল যদিও সুস্থ হৈ উঠিছিল, কিন্তু নিয়তিৰ পৰিহাস, চিৰ বিদায় মাগিলে পিতৃয়ে। (Image Credit source: Social Media)
পিতৃৰ শেষকৃত্য সম্পন্ন কৰি অভিনয় কৰিবলৈ সাহস কৰিছিল অভিনেতা ৰাগ ঐনিতমে। ঙলবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে ৰাগ ঐনিতমৰ পিতৃ বিপিন চন্দ্ৰ বৰাই। (Image Credit source: Social Media)