Raas mahotsav 2024: অসমত ৰাস অনুষ্ঠিত কৰা কমিটীসমূহে লাভ কৰিব আৰ্থিক সাহাৰ্য, কিমান টকাকৈ দিব চৰকাৰে? | raas mahotsav 2024 Financial assistance to the Rass puja Committee announced himanta biswa sarma Assam news - Assam Tv9

Raas mahotsav 2024: অসমত ৰাস অনুষ্ঠিত কৰা কমিটীসমূহে লাভ কৰিব আৰ্থিক সাহাৰ্য, কিমান টকাকৈ দিব চৰকাৰে?

Published: 

27 Oct 2024 17:59 PM

Raas mahotsav 2024: অহা ১৫ নৱেম্বৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ইতিমধ্যে ৰাস কমিটীসমূহ ইয়াৰ প্ৰস্তুতিক লৈ ব্যস্ত হৈ পৰিছে। নলবাৰী, মাজুলী, পলাশবাৰীকে ধৰি অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হয় ৰাস। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা।

1 / 5অহা

অহা ১৫ নৱেম্বৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ইতিমধ্যে ইয়াক লৈ প্ৰস্তুতি চলাইছে ৰাস কমিটীসমূহে। অসমৰ বিভিন্ন প্ৰান্তত কেইবাদিনা কাৰ্যসূচীৰে ৰাস মহোৎসৱ পালন কৰা হয়। কোনো কোনো ঠাইত জীৱন্ত ৰাস অনুষ্ঠিত হোৱাৰ লগতে কোনো কোনো ঠাইত মৃন্ময় মূৰ্তিৰ ৰাস অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা।

2 / 5

আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে যে ৰাজ্যৰ ৰাস কমিটীলৈ আগবঢ়োৱা হ'ব আৰ্থিক অনুদান। ৰাজ্য চৰকাৰে আগন্তুক ৰাস মহোৎসৱৰ আয়োজক সমিতিসমূহলৈ ২৫ হাজাৰ টকাৰ অনুদান ঘোষণা কৰিছে।

3 / 5

অৱশ্যে সকলো ৰাস কমিটীয়ে লাভ নকৰে এই আৰ্থিক সাহাৰ্য। যিসমূহ ৰাস কমিটীয়ে জীৱন্ত ৰাস আয়োজন কৰে সেইসমূহক দিয়া হ'ব ২৫ হাজাৰ টকাকৈ। ইয়াৰ বিপৰীতে মৃন্ময় মূৰ্তিৰ ৰাস আয়োজন কৰা কমিটীয়ে কোনো সাহাৰ্য লাভ নকৰে বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

4 / 5

ৰাজ্যৰ প্ৰায় ১,৯০০ ৰাস সমিতিয়ে এই অনুদান লাভ কৰিব। তদুপৰি ৰাস আয়োজনৰ সমিতিসমূহে প্ৰশাসনক কোনো মাচুল দিব নালাগে বুলিও কেবিনেটে সিদ্ধান্ত লয়। ৰাস অনুষ্ঠিত হোৱাৰ পূৰ্বে এই ধন ৰাশি প্ৰদান কৰা হ'ব।

5 / 5

উল্লেখ্য যে, ৰাজ্যৰ দুৰ্গা পূজা কমিটীলৈও চৰকাৰে অনুদান আগবঢ়াইছিল। তাৰ পাছত এইবাৰ ৰাস কমিটীলৈ সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত মৃন্ময় মূৰ্তি ৰাস আয়োজন কৰা হয়। গতিকে চৰকাৰৰ এই সাহাৰ্যৰ দ্বাৰা উপকৃত নহ'ব এই কমিটীসমূহ। নলবাৰীৰ জীৱন্ত ৰাস দেশৰ ভিতৰতে অন্যতম। অৱশ্যে এইবাৰ নলবাৰীত জীৱন্ত ৰাসৰো আয়োজন কৰা হৈছে।

পেটৰ কৰ্কট ৰোগ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
ডন ব্ৰেডমেনক অতিক্ৰম কৰি ইতিহাস ৰচিলে এইগৰাকী ভাৰতীয় বেটছমেনে
ৰাজ্যিক কৰ্মচাৰীয়ে কেতিয়াৰ পৰা লাভ কৰিব বকেয়াৰ ধন ?
পাকঘৰৰ এইসমূহ মছলাৰ আছে অনেক গুণ, প্ৰাকৃতিক পেইন কিলাৰৰ দৰে কৰে কাম