5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কাইলৈৰ পৰা ৰাসোৎসৱঃ ডেৰ শতাধিক থলুৱা শিল্পীৰে কোঁৱৰপুৰত ব্যাপক প্ৰস্তুতি

কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ৰাস মহোৎসৱ। আধ্যাত্মিকতাৰ অনন্য সুৰেৰে মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ। সমান্তৰালকৈ প্ৰেমৰ অমিয়া ৰসেৰে জীপাল হৈ উঠিব শৰতৰ সন্ধিয়া। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত কোঁৱৰপুৰ অঞ্চলতো ৰাসোৎসৱৰ বাবে জোৰদাৰ প্ৰস্তুতি পৰিলক্ষিত হৈছে। বৃ্হত্তৰ কোঁৱৰপুৰবাসী ৰাইজৰ সহযোগিতাত কোঁৱৰপুৰ ৰাস আৰু শংকৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰত ৫৭তম ৰাসোৎসৱ আয়োজনৰ যো-জা কৰা হৈছে।

monjit-dutta
Monjit Dutta | Published: 14 Nov 2024 15:35 PM
ঐতিহ্যমণ্ডিত বৃ্হত্তৰ কোঁৱৰপুৰ অঞ্চলৰ অন্যতম ধৰ্মীয় তথা আধ্যাত্মিক স্থলী শ্ৰীশ্ৰী ৰাস মণ্ডপ। বিভিন্ন জাতি-বৰ্ণ নিৰ্বিশেষে কোঁৱৰপুৰবাসী ৰাইজৰ ঐক্য, সম্প্ৰীতি আৰু সমতাৰ কঠিয়াতলী হিচাপে অঞ্চলটোত শ্ৰীশ্ৰী ৰাস মণ্ডপে গ্ৰহণ কৰি আহিছে বিশেষ ভূমিকা।

1 / 5
প্ৰতিষ্ঠা কালৰে পৰা শ্ৰীশ্ৰী ৰাস মণ্ডপত আধ্যাত্মিক চৰ্চাৰ সমান্তৰালকৈ শংকৰী সংস্কৃতিৰ চৰ্চা তথা সাধনাৰে জাতীয় জীৱন সমৃদ্ধ কৰাৰ লগতে বৃ্হত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ মাজত যোগসূত্ৰ স্থাপন কৰি আহিছে। অঞ্চলবাসীৰ সহযোগত এই আধ্যাত্মিকস্থলীত পৰম্পৰাগত ভাৱে আয়োজন কৰি অহা হৈছে ৰাস মহোৎসৱ।

2 / 5
সমগ্ৰ ৰাজ্যৰ ভিতৰতে অন্যতম পুৰণি ৰাস অনুষ্ঠান হিচাপে স্বীকৃত কোঁৱৰপুৰৰ শ্ৰী শ্ৰী ৰাস মণ্ডপত প্ৰতিবৰ্ষৰ দৰে পৰম্পৰা অব্যাহত ৰাখি এইবাৰো কাইলৈৰ পৰা ৰাস মহোৎসৱ আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে। এইবাৰ ৫৭ সংখ্যক বাৰৰ বাবে শ্ৰীশ্ৰী ৰাস মণ্ডপত চাৰি দিনীয়াকৈ- ১৫, ১৬, ১৭ আৰু ১৮ নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।

3 / 5
নৱ ৰসৰ সুৰ তুলি শৈল্পিক নিপুণতাৰে শৰতৰ পূৰ্ণিমা ৰাতি বিনন্দীয়া কৰি তোলাৰ চেষ্টাত ব্ৰতী হৈছে অঞ্চলটোৰ ডেৰ শতাধিক থলুৱা কলা-কুশলী। আধুনিকতাৰ জাক-জমকতাত উটি নোযোৱাকৈ শিপা খামুচি এই সংস্কৃতি চৰ্চাক আগুৱাই নিয়াত ব্যস্ত কোঁৱৰবাসী ৰাইজ।

4 / 5
এই মহিমামণ্ডিত অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোৰে দিহা-পৰামৰ্শ তথা উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। লগতে সকলোৰে সহযোগিতাই থলুৱা কলা-কুশলীসকলকো উৎসাহিত কৰিব বুলি আয়োজক সমিতিয়ে আশা প্ৰকাশ কৰিছে।

5 / 5
Latest Stories