শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জীৱনৰ ৫২তম বসন্তত ৰাহুল দ্ৰাবিড়ঃ চাওক দ্ৰাবিড়ৰ নামত থকা কেইটামান আকৰ্ষণীয় অভিলেখ

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম এগৰাকী শ্ৰেষ্ঠতম ক্ৰিকেটাৰ, ক্ৰিকেট বিশ্বত ‘দ্য ৱাল’ হিচাপে পৰিচিত ৰাহুল দ্ৰাবিড়ৰ আজি জন্মদিন। এই মহান খেলুৱৈগৰাকীয়ে আজি উদযাপন কৰিছে জীৱনৰ ৫২তম জন্মদিন। এই বিশেষ দিনটোত চাওঁ আহক তেওঁৰ নামত থকা কিছু বিশেষ অভিলেখ।

monjit-dutta
Monjit Dutta | Published: 11 Jan 2025 14:50 PM
দীৰ্ঘসময় ধৰি ভাৰতীয় দলৰ বেটিং বিভাগৰ অন্যতম প্ৰধান চালিকা শক্তি হিচাপে খেলপথাৰত বিপক্ষৰ সমুখত দেৱাল হৈ থিয় দিয়া দ্ৰাবিড়ে পৰৱৰ্তী সময়ত যুৱ খেলুৱৈ সৃষ্টিৰে ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়াই গৈছে গুৰুত্বপূৰ্ণ অৱদান। লগতে প্ৰশিক্ষক হিচাপে টি-২০ বিশ্বকাপ জয়েৰে নিজৰ ক্ৰিকেটীয় জীৱনক অধিক মহীয়ান কৰি গ’ল তেওঁ।

1 / 5
টেষ্টৰ এগৰাকী বিশেষজ্ঞ বেটাৰ হিচাপে সকলোৰে মুখত প্ৰথমৰ ফালেই উচ্চাৰিত হ’ব দ্ৰাবিড়ৰ নাম। অদম্য ধৈৰ্যৰে ক্ৰীজত থিয় দি ক্ৰিকেট বিশ্বত ‘দ্য ৱাল’ হিচাপে খ্যাত দ্ৰাবিড়ে ১৬৪খন টেষ্টত খেলিছে মুঠ ৩১২৫৮টা বল। টেষ্টত যিকোনো খেলুৱৈৰ ক্ষেত্ৰত এয়া সৰ্বাধিক বলাৰৰ ৰেকৰ্ড। সামগ্ৰিকভাৱে দ্ৰাবিড়ে কেৰিয়াৰত ৫০৯ খন মেচত ৪৬৫৪৬ টা বলৰ সন্মুখীন হৈছিল আৰু এয়া দ্বিতীয় সৰ্বাধিক বল খেলাৰ ৰেকৰ্ড।

2 / 5
২০০০ চনৰ ১০ জানুৱাৰীৰ পৰা ২০০৪ চনৰ ৬ ফেব্ৰুৱাৰীলৈ এই দীৰ্ঘসময়ছোৱাত দ্ৰাবিড়ে এক আকৰ্ষণীয় অভিলেখ স্থাপন কৰিছিল। এই দীঘলীয়া সময়ছোৱাত ৰাহুল দ্ৰাবিড়ে এদিনীয়া আৰু টেষ্ট মিলাই মুঠ ১৭৩ খন মেচত ‘ডাক’ অৰ্থাৎ কোনো ৰান সংগ্ৰহ নকৰাকৈ এবাৰো আউট হোৱা নাছিল। এইক্ষেত্ৰত দ্ৰাবিড়তকৈ যথেষ্ট পিছত আছে শচীন তেণ্ডুলকাৰ (১৩৬)।

3 / 5
টেষ্টত দ্ৰাবিড় মুঠ ১০ বাৰ শতকৰ কাষ চাপিও ৯০ৰ ঘৰত থমিকবলগা হৈছে। এইক্ষেত্ৰতো দ্ৰাবিড় শচীন আৰু ষ্টিভ’ ৱ’ৰ সৈতে যুটিয়াভাৱে শীৰ্ষত আছে। টেষ্টত তেওঁ মুঠ ১৩,২৮৮ ৰান সংগ্ৰহ কৰিছিল। এয়া টেষ্ট ইতিহাসত ব্যক্তিগতভাৱে চতুৰ্থ সৰ্বাধিক ৰান। কেৰিয়াৰত সামগ্ৰিকভাৱে মুঠ ২৪,২০৮ ৰান সংগ্ৰহেৰে সপ্তম স্থানত আছে দ্ৰাবিড়।

4 / 5
টেষ্টত ৩৬টা শতকেৰে দ্ৰাবিড় চতুৰ্থ সৰ্বাধিক শতক সংগ্ৰহকাৰী বেটাৰ। ১৬৫৪টা চাৰিৰে টেষ্টত দ্বিতীয় সৰ্বাধিক চাৰি কোবোৱা বেটাৰ দ্ৰাবিড়। তদুপৰি ২১০ টা কেচ ধৰি টেষ্ট ইতিহাসত সৰ্বাধিক কেচ ধৰা ফিল্ডাৰ হিচাপেও অভিলেখ আছে দ্ৰাবিড়ৰ নামত। আনহাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ৩৩৪ টা কেচেৰে পঞ্চম স্থানত আছে প্ৰাক্তন তাৰকাগৰাকী।

5 / 5
Latest Stories