5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমৰ লোককৃষ্টিৰ বিশ্বমুখী যাত্রা, নাইজেৰিয়াৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ আমন্ত্ৰিত ৰাজেন দাসৰ ‘আইৰন গাৰ্লছ’

অসমীয়া চলচ্চিত্ৰ উদ্যোগ তথা অসমবাসীৰ বাবে সুখবৰ৷ আফ্রিকা মহাদেশৰ সৰ্ববৃহৎ তথা নাইজেৰিয়ান চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত স্থান পালে অসমীয়া চলচ্চিত্রই। নাইজেৰিয়া ৰিপাব্লিকৰ ৰাজধানী আবুজালৈ আমন্ত্ৰিত ৰাজেন দাসৰ 'আইৰন গাৰ্লছ'।

trishna-kalita
Trishna Kalita | Published: 16 Nov 2024 15:16 PM
১ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ নাইজিৰিয়াৰ ৰাজধানী চহৰ আবুজাত  অনুষ্ঠিত হ'ব ১৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। আফ্রিকা মহাদেশৰ সৰ্ববৃহৎ তথা নাইজেৰিয়ান চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত স্থান পালে ৰাজেন দাসৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্রই।

1 / 6
নাইজেৰিয়ান সংযুক্ত চৰকাৰৰ কেন্দ্ৰীয় তথ্য আৰু সাংস্কৃতিক মন্ত্ৰালয় তথা নাইজেৰিয়ান চলচ্চিত্ৰ নিগমৰ দ্বাৰা আয়োজিত আফ্ৰিকা মহাদেশৰ এই সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ৷  ইতিমধ্যেই পৰিচালক ৰাজেন দাসলৈ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে তথা 'আইৰন গাৰ্লছ'ৰ প্ৰদৰ্শন (Screening)ৰ বাবে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে৷

2 / 6
২ ডিচেম্বৰত নাইজেৰিয়াৰ ৰাজধানী চহৰ আবুজাৰ বিখ্যাত চিলভাৰ বাৰ্ড মাল্টিপ্লেক্স চিনেমাগৃহত প্ৰদৰ্শিত হ'ব 'আইৰন গাৰ্লছ' ৷  আনহাতে বিভিন্ন ৰাষ্ট্ৰৰ চলচ্চিত্ৰ পৰিচালকৰ সন্মুখত “ডিজিটেল নৱজাগৰণ“ বিষয়ক শীৰ্ষ সন্মিলনত ভাষণ প্ৰদান কৰিব ফেডাৰেল ৰিপাব্লিক অব্ নাইজেৰিয়াৰ উপ-ৰাষ্ট্ৰপতি কেশ্বিম শ্বেটিমাই৷

3 / 6
এই মহোৎসৱত উপস্থিত থাকিব ফেডাৰেল নাইজেৰিয়া ৰিপাব্লিকৰ আৰ্ট কালচাৰ আৰু ক্ৰিয়েটিভ ইক’নমি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী বাৰ হানাটু মুছা মুছাৱা,কেন্দ্ৰীয় মন্ত্ৰী নাইচন ৱাইকৰ উপৰিও বহু গণ্য-মান্য ব্যক্তি৷

4 / 6
উল্লেখ্য যে পৰিচালক ৰাজেন দাসে অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ“ নিৰ্মাণ কৰিছে অসমৰ স্বৰ্ণিল লোককৃষ্টি ওজাপালি আৰু দেওধনীক বিষয় হিচাপে লৈ৷  এই চলচ্চিত্ৰত লোকশিল্পী পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ জীৱন সংগ্ৰামক ওজাপালি দেওধনীৰ মাজেৰে আলোকপাত কৰা হৈছে৷

5 / 6
ছবিখনত অভিনয় কৰিছে পদ্মশ্ৰী দ্ৰোণ ভূঞা, অভিনেত্ৰী আশা বৰদলৈ,মৃদুল বৰুৱা,দিপান্বিতা দাস, তৰুণ আজাদ ডেকা, নৱাগত জেচমিন দাস, সীমা ডেকা, প্ৰিয়ংকা দাস,ময়ুৰী নাথ,প্ৰকাশ ঠাকুৰীয়া আদিয়ে৷ চাউণ্ড ডিজাইন ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত দেৱজিৎ গায়ন, সংগীত সৌৰভ মহন্ত,  সম্পাদনা ধীৰাজ মজুমদাৰ, চিনেমাটোগ্ৰাফী ৰাজেন দাস -জিন্টু কুমাৰ কাশ্যপ ,ডিআই শ্যামল দাস আৰু প্ৰডাকচন ডিজাইন কুলেন দাসৰ৷

6 / 6
Latest Stories