শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰা বিনামূলীয়া চিকিৎসা লৈ, ৰেচন কাৰ্ড থাকিলে কি কি লাভ হ'ব... | ration card new rule assam himanta biswa sarma says ration card advantage assam Assam news - Assam Tv9

শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰা বিনামূলীয়া চিকিৎসা লৈ, ৰেচন কাৰ্ড থাকিলে কি কি লাভ হ’ব…

Updated On: 

22 Dec 2024 19:11 PM

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৫ লাখ ৰেচন কাৰ্ড বিতৰণ কৰে। বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত শৰ্মাই লখিমপুৰত এক বিশাল জনসভা সম্বোধন কৰি ৰেচন কাৰ্ড বিতৰণ কৰাৰ লগতে কেইবাটা নতুন কামৰ শুভাৰম্ভ কৰে। ইয়াৰোপৰি ৰেচন কাৰ্ডৰ জৰিয়তে কি কি কৰিব পাৰিব সেই সম্পৰ্কে সবিশেষ কয়।

1 / 5বিকাশৰ ১২ দিনৰ কাৰ্যসূচীৰ অধীনত দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত এক বিশাল জনসভা সম্বোধন কৰে। এই সভাৰ জৰিয়তে শৰ্মাই অসমৰ ৫ লাখ লোকৰ মাজত ভাৰ্চুৱেলী ৰেচন কাৰ্ড বিতৰণ কৰাৰ লগতে লখিমপুৰৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰে। লখিমপুৰৰ কেইবাটা নতুন কামৰ শুভাৰম্ভ কৰে শৰ্মাই।

বিকাশৰ ১২ দিনৰ কাৰ্যসূচীৰ অধীনত দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত এক বিশাল জনসভা সম্বোধন কৰে। এই সভাৰ জৰিয়তে শৰ্মাই অসমৰ ৫ লাখ লোকৰ মাজত ভাৰ্চুৱেলী ৰেচন কাৰ্ড বিতৰণ কৰাৰ লগতে লখিমপুৰৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰে। লখিমপুৰৰ কেইবাটা নতুন কামৰ শুভাৰম্ভ কৰে শৰ্মাই।

2 / 5

ৰেচন কাৰ্ড বিতৰণ কৰাৰ লগতে শৰ্মাই ইয়াৰ দ্বাৰা জনতাৰ কি লাভ হ'ব সেই সম্পৰ্কে জনায়। শৰ্মাই কয় যে, ৰেচন কাৰ্ডৰ জৰিয়তে বিজেপি চৰকাৰে ৰাইজক প্ৰতিমাহে ৫ কেজি কৈ বিনামূলীয়া চাউল আগবঢ়ায়। কিন্তু এতিয়াৰ পৰা ইয়াৰ অধীনত বিনামূলীয়াকৈ নহ'লেও সুলভ মূল্যত দাইল আৰু চেনি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব।

3 / 5

ইয়াৰোপৰি শৰ্মাই জনাই যে, অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত ৰেচন কাৰ্ড প্ৰয়োজনীয় হ'ব। অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে এতিয়াৰ পৰা হিতাধিকাৰীয়ে উপাৰ্জনৰ প্ৰমাণ পত্ৰ দিব নালাগে। ইয়াৰ সলনি ৰেচন কাৰ্ড দিলে হ'ব। গাঁওবুঢ়াৰো কোনো তথ্যৰ প্ৰয়োজন নহ'ব। অৱশ্যে যিসকলৰ ৰেচন কাৰ্ড নাই, সেইসকলে লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন।

4 / 5

শৰ্মাই জনাই যে, ৰেচন কাৰ্ডৰ দ্বাৰা হিতাধিকাৰীয়ে স্বাস্থ্য লাভৰ সুবিধাও লাভ কৰিব। অৰ্থাৎ ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীয়ে বিনামূলীয়া স্বাস্থ্য লাভ কৰিব। প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ জৰিয়তে হিতাধিকাৰীয়ে ৫ লাখ পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰে। কিন্তু এতিয়াৰ পৰা বিনামূলীয়া স্বাস্থ্যৰ বাবে ৰেচন কাৰ্ড দেখুৱালেই হৈ যাব।

5 / 5

ইয়াৰোপৰি মহাবিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰতে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব। পূৰ্বে শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সময়ত বিনামূলীয়া নামভৰ্তিৰ বাবে উপাৰ্জনৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়াৰ পৰা ৰেচন কাৰ্ডেৰে সকলো হৈ যাব। অৰ্থাৎ নামভৰ্তিৰ সময়ত ৰেচন কাৰ্ড দেখুৱালে ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া সুবিধা লাভ কৰিব। এই সন্দৰ্ভত কলেজসমূহৰ লগত আলোচনা হৈছে বুলি শৰ্মাই কয়।

শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...