5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

তাৰকা স্পিনাৰ অশ্বিনৰ ৫ টা ৰেকৰ্ড, যি ভংগ কৰা আনৰ বাবে অসম্ভৱ!

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। ব্রিজবেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ৪ র্থ টেষ্টত ড্ৰ’ কৰাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰে অশ্বিনে।

barasha-sarma
Barasha Sarma | Published: 18 Dec 2024 13:07 PM
ক্ৰিকেট অনুৰাগীৰ বাবে বেয়া খবৰ। ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। ক্ৰিকেট কেৰিয়াৰত কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল অশ্বিনে। ক্ৰিকেটাৰগৰাকীৰ এনে কিছুমান  ৰেকৰ্ড আছে যাক ভংগ কৰাত হয়তো কিছু জটিলতা আহিব।

1 / 5
অশ্বিনৰ বিভিন্ন ৰেকৰ্ডৰ ভিতৰত এটা হ'ল ভাৰতৰ বাবে সবাতোকৈ বেছি উইকেট দখল কৰা দ্বিতীয়গৰাকী বলাৰ ৰবিচন্দ্ৰন অশ্বিন। তেওঁ ১০৬ খন টেষ্টত ৫৩৭ টা উইকেট দখল কৰিলে। দ্বিতীয় ৰেকৰ্ডৰ কথা উল্লেখ কৰিব পাৰি যে অশ্বিনে ভাৰতৰ হৈ এটা ইনিংছত সৰ্বাধিত ৫ উইকেট দখল কৰিছে। তেওঁ ৩৭ বাৰ এই কৰ্তৃত্ব অৰ্জন কৰিছে।

2 / 5
তৃতীয়তে টেষ্টত সৰ্বাধিক প্লেয়াৰ অৱ দ্যা ছিৰিজ লাভ কৰিবলৈ সক্ষম হৈছিল ৰবিচন্দ্ৰন অশ্বিন।  তেওঁ ১১ বাৰকৈ প্লেয়াৰ অৱ দ্যা ছিৰিজৰ খিতাপ দখল কৰিছিল। তেওঁৰ লগতে শ্ৰীলংকাৰ কিংবদন্তি মুটিয়া মুৰলীথাৰণে ১১ বাৰ প্লেয়াৰ অৱ দ্যা ছিৰিজ লাভ কৰিছিল।

3 / 5
চতুৰ্থতে টেষ্টত স্পিনাৰৰ শ্ৰেষ্ঠ বলিং ষ্ট্ৰাইক ৰেট (২০০ ৰো অধিক উইকেট) আছে ৰবিচন্দ্ৰন অশ্বিনৰ নামত। তেওঁৰ ষ্ট্ৰাইক ৰেট ৫০.৭। উল্লেখ্য যে, খেলুৱৈগৰাকী নিজে অৱসৰৰ কথা ঘোষণা কৰাৰ পাছত অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে।

4 / 5
পঞ্চমতে ভাৰতৰ হৈ টেষ্টত সৰ্বাধিক দ্ৰুতগতিত ৩০০ টা উইকেট দখল কৰাৰ অভিলেখ ৰচিছিল অশ্বিনে।  ৫৪ খন মেচত তেওঁৰ এই যাদু দেখিবলৈ পোৱা গৈছিল। ক্ৰিকেট কেৰিয়াৰত অশ্বিনৰ এনে আৰু বহু ৰেকৰ্ড আছে। উল্লেখ্য যে,  ব্রিজবেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ৪ র্থ টেষ্টত ড্ৰ’ কৰাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰে অশ্বিনে।

5 / 5
Latest Stories