অৱসৰ লোৱাৰ পাছত তাৰকা স্পিনাৰ অশ্বিনৰ পৰৱৰ্তী পৰিকল্পনা কি ? | Ravichandran Ashwin Retirement: Plans After International Cricket Career Assam news - Assam Tv9

অৱসৰ লোৱাৰ পাছত তাৰকা স্পিনাৰ অশ্বিনৰ পৰৱৰ্তী পৰিকল্পনা কি ?

Updated On: 

18 Dec 2024 14:43 PM

সকলোকে আচৰিত কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অৱসৰৰ কথা ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনে। এই অৱসৰৰ পাছতে এতিয়া কি পৰিকল্পনা কৰিব পাৰে অশ্বিনে ।

1 / 5ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী চলি থকাৰ মাজতে ক্ৰিকেট অনুৰাগীয়ে আজি লাভ কৰিলে এটা বেয়া খবৰ । সকলোকে আচৰিত কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অৱসৰৰ কথা ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনে। ব্রিজবেন টেষ্ট ড্ৰ’ত সমাপ্ত হোৱাৰ লগে লগে অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিলে। টেষ্ট ক্ৰিকেটত ভাৰতৰ দ্বিতীয় সফল বলাৰ অশ্বিনৰ এই ঘোষণাই সকলো অনুৰাগীক আৱেগিক কৰি তোলাই নহয়, ভৱিষ্যতে কি কৰিব সেই লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে ।

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী চলি থকাৰ মাজতে ক্ৰিকেট অনুৰাগীয়ে আজি লাভ কৰিলে এটা বেয়া খবৰ । সকলোকে আচৰিত কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অৱসৰৰ কথা ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনে। ব্রিজবেন টেষ্ট ড্ৰ’ত সমাপ্ত হোৱাৰ লগে লগে অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিলে। টেষ্ট ক্ৰিকেটত ভাৰতৰ দ্বিতীয় সফল বলাৰ অশ্বিনৰ এই ঘোষণাই সকলো অনুৰাগীক আৱেগিক কৰি তোলাই নহয়, ভৱিষ্যতে কি কৰিব সেই লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে ।

2 / 5

১৮ ডিচেম্বৰ বুধবাৰটো গাব্বা টেষ্টৰ অন্তিম দিন আছিল আৰু সকলোৰে চকু আছিল টিম ইণ্ডিয়াই পৰাজয়ৰ পৰা হাত সাৰিব পাৰিবনে । অৱশেষত বৰষুণৰ বাবে পঞ্চম দিনা খেলখন সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু মেচখন ড্ৰ’ত শেষ হয়। এই ফলাফলৰ কেইমিনিটমানৰ ভিতৰতে অশ্বিনে অৱসৰৰ কথা ঘোষণা কৰি সমগ্ৰ পৰিৱেশটো সলনি কৰে।

3 / 5

অৱসৰৰ পিছতো তেওঁ ক্ৰিকেটৰ সৈতে জড়িত হৈ থাকিব বুলি স্পষ্ট হৈছে । কিন্তু তেওঁ কি কৰিব? অশ্বিনে স্পষ্টকৈ কয় যে, তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে যদিও তেওঁ ক্লাব পৰ্যায়ৰ খেলবোৰ খেলি যাব । এনে পৰিস্থিতিত তেওঁ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’বলগীয়া ৰঞ্জী ট্ৰফীৰ দ্বিতীয় পৰ্যায়ৰ ছিজনত তামিলনাডুৰ হৈ খেলাৰ সম্ভাৱনা আছে।

4 / 5

তেওঁ লগতে কয় যে, ক্ৰিকেটে তেওঁক সকলোখিনি দিছে, সেয়েহে তেওঁ ইয়াৰ অংশ হৈ থাকিব। অশ্বিনৰ সৈতে সংবাদমেলত উপস্থিত থকা অধিনায়ক ৰোহিত শৰ্মাই কয় যে, কাইলৈ ৰাতিপুৱা বিমানেৰে ভাৰতলৈ উভতি আহিব। ৩৯ বছৰীয়া প্ৰবীণ স্পিনাৰগৰাকীয়ে যোৱা কেইবছৰমানৰ পৰা তেওঁ নিজৰ ইউটিউব চেনেলটো অবিৰতভাৱে চলাই আহিছে, য’ত তেওঁ ক্ৰিকেটৰ সৈতে জড়িত প্ৰতিটো বিষয়ৰ ওপৰত আলোচনা কৰে।

5 / 5

আগন্তুক কেইদিনমানৰ ভিতৰত টিম ইণ্ডিয়াৰ যিকোনো মেচত কমেণ্টৰী কৰা দেখা পাব পাৰে অশ্বিনক। ইফালে আই পি এল ২০২৫ত চেন্নাই ছুপাৰ কিংছ হৈ খেলিব ৰবিচন্দ্ৰন অশ্বিনে ।

ঘৰত কিয় বগা ঘোঁৰাৰ ফটো লগাব লাগে জানেনে?
শীতকালত আপোনাৰো আঙুলি ফুলে নেকি? ইয়াৰ কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ সম্পৰ্কে জানক...
ধোনীতকৈ কিমান কম ৰবিচন্দ্ৰন অশ্বিনৰ সম্পত্তি?
মাঘত ভুলতেও নকৰিব এইবোৰ কাম, অন্যথা জীৱনলৈ আহিব দুৰ্ভাগ্য !