5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মুম্বাই টেষ্টত পৰাস্ত হ’লেও অনন্য কৃতিত্ব ৰচিলে জাদেজাইঃ অতিক্ৰম কপিল দেৱক

নিউজিলেণ্ডৰ বিপক্ষে তিনিখনীয়া মেচৰ টেষ্ট শৃংখলাত চৰম ব্যৰ্থতাৰে ৩-০ ব্যৱধানৰ লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল ভাৰতীয় ক্ৰিকেট দল। আজি মুম্বাইত শৃংখলাৰ তৃতীয় তথা অন্তিম টেষ্টত ভাৰতীয় দল ২৫ ৰানত পৰাস্ত হয়। মুম্বাই টেষ্টত পৰাস্ত হ’লেও ভাৰতীয় অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই ব্যক্তিগতভাৱে দুটা অনন্য কৃতিত্ব অৰ্জন কৰিছে। এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰিছে কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱক।

monjit-dutta
Monjit Dutta | Published: 03 Nov 2024 22:46 PM
মুম্বাই টেষ্টত ভাৰত পৰাস্ত হ’লেও ব্যক্তিগতভাৱে বলিঙত উজলি উঠে ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। টেষ্টখনৰ প্ৰথম ইনিংছত ৬৫ ৰানত ৫টা উইকেট দখল কৰা জাদেজাই দ্বিতীয় ইনিংছতো ৫৫ ৰানত ৫টা উইকেট দখল কৰে।

1 / 5
টেষ্টখনত জাদেজাই সামগ্ৰিকভাৱে ১২০ ৰানত ১০টা উইকেট দখল কৰে। এইদৰে তেওঁ আন এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে। এখন টেষ্টত ১০টা উইকেট দখলৰ ক্ষেত্ৰত এই কৃতিত্ব অৰ্জিছে জাদেজাই।

2 / 5
এইদৰে জাদেজাই এখন টেষ্টৰ দুয়োটা ইনিংছত ৫টাকৈ উইকেট দখলৰ অনন্য কৃতিত্ব অৰ্জন কৰে। জাদেজা এই কৃতিত্ব অৰ্জন কৰা ভাৰতৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰ ৰূপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে কেৱল ৰবিচন্দ্ৰন অশ্বিনেহে এই সফলতা অৰ্জন কৰিছিল।

3 / 5
নিজ কেৰিয়াৰত তৃতীয়বাৰৰ এখন টেষ্টত ১০টা উইকেট লাভ কৰিছে তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে। এইদৰে তেওঁ ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি কপিল দেৱৰ লগতে ইৰাপল্লী প্ৰসন্ন, ইৰফান পাঠান, মনিন্দৰ সিং, বিনু মানকাড, ভাগৱথ চন্দ্ৰশেখৰক অতিক্ৰম কৰে। এই আটাইকেইগৰাকী প্ৰাক্তন ভাৰতীয় খেলুৱৈয়ে টেষ্টত দুবাৰকৈ ১০টা উইকেট দখল কৰিছিল।

4 / 5
এই তালিকাত যুটীয়াভাৱে শীৰ্ষত আছে কিংবদন্তি ভাৰতীয় স্পিনাৰ অনিল কুম্বলে আৰু জাদেজাৰে স্পীন সংগী ৰবিচন্দ্ৰন অশ্বিন। দুয়ো টেষ্টত ৮ বাৰকৈ ১০ উইকেট দখল কৰিছে। মু্ম্বাই টেষ্টৰ প্ৰদৰ্শন জাদেজাৰ কেৰিয়াৰৰ দ্বিতীয় শ্ৰেষ্ঠ প্ৰদৰ্শন। কেৰিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে জাদেজাই বিগত বৰ্ষত দিল্লীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১১০ ৰানত ১০টা উইকেট দখল কৰিছিল।

5 / 5
Latest Stories