শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ব্যয়বহুল হ’ব এটিএমৰ ব্যৱহাৰ! এতিয়াৰ পৰা ধন উলিওৱাৰ সময়ত অধিক ভৰিব লাগিব ধন

বৰ্তমান সময়ত ডিজিটেল পে’মেণ্টৰ জৰিয়তেই অধিকাংশ লোকেই ধনৰ লেনদেন কৰে। তথাপি নগদ ধনৰ প্ৰয়োজনীয়তা সকলো লোকৰে থাকে। নগদ ধন উলিয়াবলৈ বেংকলৈ যোৱাৰ পৰিৱৰ্তে এটিএমকে সঠিক বিকল্প হিচাপে গ্ৰহণ কৰা হয় যদিও এতিয়া এটিএমৰ ব্যৱহাৰ অধিক ব্যয়বহুল হৈ পৰিব।

monjit-dutta
Monjit Dutta | Published: 06 Feb 2025 14:26 PM
সাম্প্ৰতিক সময়ত প্ৰায় অধিকাংশ লোকেই ডিজিটেল মাধ্যমেৰে ধনৰ লেনদেন কৰা পৰিলক্ষিত হয়। যুৱচামৰ লগতে কিছ বয়সীয়াল লোকো এতিয়া ডিজিটেল পে’মেণ্ট প্ৰক্ৰিয়াৰ সৈতে অভ্যস্ত হৈ পৰিছে। অৱশ্যে সকলো লোকেই যে অনলাইন মাধ্যমেৰেই ধনৰ লেনদেন কৰে, সেয়াও নহয়। বহু লোকে এতিয়াও নগদ ধনেৰেই লেনদেনৰ পচন্দ কৰে।

1 / 5
তদুপৰি কিছুমান স্থানত ডিজিটেল পে’মেণ্টৰ সুবিধা উপলব্ধও নহয়। সেয়ে নগদ ধনৰ প্ৰয়োজনীয়তা সকলো লোকৰে আছে। বেংকলৈ গৈ নগদ ধন উলিওৱাৰ পৰিৱৰ্তে সময় বচাবলৈ এটিএমৰ পৰা ধন উলিওৱাটোৱেই সঠিক বিকল্প হৈ পৰে। পিছে এতিয়া এটিএমৰ পৰা ধন উলিওৱাৰ খৰচ বৃদ্ধি পাব পাৰে।

2 / 5
ভাৰতীয় ৰিজাৰ্ভ বেংকে এটিএমৰ পৰা ধন উলিওৱাৰ মাচুল বা চাৰ্ভিচ চাৰ্জ বৃদ্ধি কৰিবলৈ সাজু হৈছে বুলি পোহৰলৈ আহিছে। বৰ্তমান সময়ত এটিএমৰ পৰা এটা মাহত ৫ বাৰ বিনামূলীয়াকৈ ধন উলিয়াব পাৰে। ইয়াৰ পিছত টকা উলিওৱাৰ বাবে চাৰ্ভিচ চাৰ্জ লোৱা হয়।

3 / 5
এক প্ৰতিবেদন অনুসৰি এতিয়া এটিএমৰ পৰা ৫ বাৰ ধন উলিওৱাৰ পিছত নগদ ধন উলিওৱাৰ চাৰ্জ বৃদ্ধি কৰা হ’ব। মাহত ৫ বাৰতকৈ অধিকবাৰ ধন উলিয়ালে বৰ্তমান অতিৰিক্ত প্ৰতিবাৰতে ২১ টকা চাৰ্ভিচ চাৰ্জ লোৱা হয়। এতিয়া নেচনেল পে’মেণ্টছ কৰ্পৰেচন অৱ ইণ্ডিয়া, চমুকৈ NPCI-এ এই মাচুল ২২ টকালৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগঢ়াইছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

4 / 5
একেদৰে নগদ ধনৰ লেনদেনৰ এটিএম মাচুল ১৭ টকাৰ পৰা ১৯ টকালৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়া হৈছে। অৰ্থাৎ এটিএমৰ ব্যৱহাৰ এতিয়া গ্ৰাহকৰ বাবে অধিক ব্যয়বহুল হৈ পৰিব।

5 / 5