Republic day Movie: গণৰাজ্য দিৱসত চাওক এই ৫খন দেশপ্ৰেমমূলক ছবি... | republic day 2025 top 5 patriotic movie you must watch during republic day Assam news - Assam Tv9

Republic day Movie: গণৰাজ্য দিৱসত চাওক এই ৫খন দেশপ্ৰেমমূলক ছবি…

Published: 

23 Jan 2025 15:52 PM

Republic day Films: ২৬ জানুৱাৰীত সমগ্ৰ দেশে পালন কৰিব গণৰাজ্য দিৱস। আমি প্ৰায় সকলোৱে আমাৰ বীৰ শ্বহীদসকলৰ বিষয়ে শুনিছে। কেৱল ৰিয়েল লাইফত নহয়, ৰীল লাইফতো দেশপ্ৰেমমূলক বহু ছবি নিৰ্মাণ হৈছে।

1 / 5মেঘনা গুলজাৰ দ্বাৰা নিৰ্দেশিত আৰু আলিয়া ভটৰ অভিনীত ছবি ৰাজী এখন দেশপ্ৰেমূলক ছবি। ২০১৮ চনত মুক্তি লাভ কৰা এই ছবিখনত দেখুওৱা হৈছে যে কেনেকৈ এগৰাকী সাধাৰণ যুৱতীয়ে পাকিস্তানত গৈ নিজৰ দেশৰ হকে দায়িত্ব পালন কৰে। আলিয়া ভটে এই ছবিখনত ভাৰতীয় সেনাৰ চোৰাংচোৱা হিচাপে কাম কৰে যি পাকিস্তানত স্বামীৰ ঘৰৰ পৰা প্ৰয়োজনীয় তথ্য দেশৰ এজেন্সীক প্ৰেৰণ কৰে।

মেঘনা গুলজাৰ দ্বাৰা নিৰ্দেশিত আৰু আলিয়া ভটৰ অভিনীত ছবি ৰাজী এখন দেশপ্ৰেমূলক ছবি। ২০১৮ চনত মুক্তি লাভ কৰা এই ছবিখনত দেখুওৱা হৈছে যে কেনেকৈ এগৰাকী সাধাৰণ যুৱতীয়ে পাকিস্তানত গৈ নিজৰ দেশৰ হকে দায়িত্ব পালন কৰে। আলিয়া ভটে এই ছবিখনত ভাৰতীয় সেনাৰ চোৰাংচোৱা হিচাপে কাম কৰে যি পাকিস্তানত স্বামীৰ ঘৰৰ পৰা প্ৰয়োজনীয় তথ্য দেশৰ এজেন্সীক প্ৰেৰণ কৰে।

2 / 5

বিকি কৌশলৰ অভিনীয় উৰি ছবিখন ২০১৬ চনত মুক্তি লাভ কৰিছিল। এই ছবিখন ছাৰ্জিকেল ষ্ট্ৰাইকৰ ওপৰত আধাৰিত। ছবিখনৰ নিৰ্দেশনা কৰিছে আদিত্য ধৰে। ছবিখনত পৰেশ ৰাৱল, য়ামী গৌতম আদিকো দেখিবলৈ পোৱা যায়। ছবিখনত দেখুওৱা হৈছে কেনেকৈ ভাৰতীয় সেনাই পাকিস্তানত প্ৰৱেশ কৰি শত্ৰুক হত্যা কৰে। ছবিখনত বিকি কৌশলে অতি দুৰ্দান্ত অভিনয় কৰিছিল।

3 / 5

২০০৬ চনত মুক্তি লাভ কৰা ৰং দে বসন্তী নামৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আমিৰ খানে। এই ছবিখনৰ নিৰ্দেশনা কৰিছিল ৰাকেশ ওমপ্ৰকাশ মেহৰাই। ইয়াত দেখুওৱা হৈছে, সাধাৰণ যুৱকৰ দেশপ্ৰেম। আজিৰ সময়তো এই ছবিখনে বহুতৰে চকু সেমেকাই তোলে লগতে সকলোৰে মনত দেশপ্ৰেম জাগ্ৰত কৰে।

4 / 5

দ্যা লিজেণ্ড অৱ ভগত সিং ছবিখন ২০০২ চনত মুক্তি লাভ কৰিছিল। ৰাজকুমাৰ সন্তোষীয়ে নিৰ্দেশনা কৰা এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অজয় দেৱগনে। এই ছবিখনৰ জৰিয়তে ভাৰতৰ স্বতন্ত্ৰ সেনানী ভগত সিঙৰ দেশপ্ৰেম দেখুওৱাৰ চেষ্টা কৰা হৈছে। এই ছবিখনে মানুহক দিয়ে দেশপ্ৰেমৰ প্ৰেৰণা।

5 / 5

এখন জনপ্ৰিয় দেশপ্ৰেমমূলক ছবি বৰ্ডাৰ। এই ছবিখন ১৯৯৭ চনত মুক্তি লাভ কৰিছিল। ছবিখন নিৰ্দেশনা কৰিছিল জে পি দত্তাই। ছবিখনত ছানী দেউল, সুনীল চেট্টী, জেকি শ্ৰফ, অক্ষয় খান্না আদিকে ধৰি বহু জনপ্ৰিয় নেতাই অভিনয় কৰিছিল। এই ছবিখনত ভাৰতীয় সেনাৰ বীৰত্ব আৰু বলিদানৰ কথা দেখুওৱা হৈছে।

গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ মাজত কি পাৰ্থক্য আছে?
দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব? ক'লে IITian বাবাই...
মাত্ৰ ২০ দিন ৰঙা চাহ খালে কি হয় জানেনে? জানক সবিশেষ...
মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?