ৰিয়াৰ কাপোৰযোৰ অনন্য আছিল। ৰিয়াই পৰিধান কৰা কাপোৰত আছিল সোণালী পাখি, মূৰত চৰাইৰ দৰে হেডছেট। এই সকলোবোৰ লৈ ভাৰতীয় পৰম্পৰা অনুসৰি ৰিয়াই নিজকে সজাই তুলিছিল। উল্লেখ্য যে, গুজৰাটৰ আহমেদাবাদৰ ১৯ বছৰীয়া ৰিয়া এগৰাকী অভিনেত্ৰী, মডেল। ইষ্টৰ ফেক্টৰীৰ উদ্যোগী তথা পৰিচালক বৃজেশ সিংঘা আৰু ৰীতা সিংঘাৰ কন্যা ৰিয়া। তেওঁ জি এল এছ বিশ্ববিদ্যালয়ৰ ছাত্ৰী।