Riyan Parag Birthday: ২৩ বছৰীয়া হ'ল ৰিয়ান পৰাগ, কিদৰে আৰম্ভ হৈছিল ৰিয়ানৰ ক্ৰিকেট কেৰিয়াৰ? | riyan parag 23th birthday today happy birthday riyan parag Assam news - Assam Tv9

Riyan Parag Birthday: ২৩ বছৰীয়া হ’ল ৰিয়ান পৰাগ, কিদৰে আৰম্ভ হৈছিল ৰিয়ানৰ ক্ৰিকেট কেৰিয়াৰ?

Updated On: 

10 Nov 2024 10:07 AM

অসম গৌৰৱ ৰিয়ান পৰাগৰ আজি জন্মদিন। ১০ নৱেম্বৰ ২০০১ত জন্ম লাভ কৰা ৰিয়ানৰ ঘৰ গুৱাহাটীত । ক্ৰিকেটাৰ ৰিয়ান সোঁহতীয়া বেটচমেন আৰু লেগ স্পীন বলাৰ । আজি ২৩ বছৰ বয়সত ভৰি দিলে ৰিয়ানে।

1 / 7ভাৰতীয়

ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা অসম আৰু উত্তৰ-পূবৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ ৰিয়ান পৰাগ৷ আজি ২৩ বছৰ বয়সত ভৰি দিলে ৰিয়ানে।

2 / 7

ৰিয়ানৰ দেউতাক পৰাগ দাস এগৰাকী প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ যি ঘৰুৱা ক্ৰিকেটত অসম আৰু ৰেলৱে’ দলক প্ৰতিনিধিত্ব কৰিছিল। মাতৃ মিঠু বৰুৱা এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ ।

3 / 7

২০১৭ চনত ৰিয়ানে ২০১৬-১৭ বৰ্ষৰ আন্তঃৰাজ্যিক টুৱেণ্টি-২০ টুৰ্ণামেণ্টত অসমৰ হৈ টুৱেণ্টি-২০ত আত্মপ্ৰকাশ কৰে। ২০১৭ চনৰ ২৯ অক্টোবৰত তেওঁক ২০১৭ চনৰ এচিচি অনুৰ্ধ-১৯ এছিয়া কাপৰ বাবে ভাৰতৰ দলত স্থান দিয়া হয়।

4 / 7

২০১৭-১৮ বৰ্ষৰ ৰঞ্জী ট্ৰফীত ৰিয়ানে অসমৰ হৈ প্ৰথম শ্ৰেণীত আত্মপ্ৰকাশ কৰে। ২০১৭‌ চনত তেওঁ ইংলেণ্ডত দুখন যুৱ টেষ্টৰ বাবে ভাৰতৰ অনুৰ্ধ-১৯ দলৰ বাবে নিৰ্বাচিত হৈছিল

5 / 7

ৰিয়ানক ২০২৩ চনৰ এচিচি ইমাৰ্জিং টিমছ্ এছিয়া কাপত ভাৰত 'এ' ক্ৰিকেট দলত অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁ পাকিস্তান এ-ৰ বিৰুদ্ধে ফাইনেলত খেলিছিল আৰু একেৰাহে দুটা বলত দুটা মিডল অৰ্ডাৰৰ উইকেট দখল কৰিছিল।

6 / 7

ৰিয়ান পৰাগে ২০২৪ চনৰ জুন মাহৰ ২৪ তাৰিখে ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ ১৫ জনীয়া তালিকাত স্থান লাভ কৰে। ইয়াৰ ফলত ২০২৪ চনৰ ৬ জুলাইৰ পৰা জিম্বাবুৱেত হ'বলগীয়া দ্বিপাক্ষিক টি টুৱেণ্টিৰ পাঁচখনীয়া ক্ৰিকেট শৃংখলাত অংশগ্ৰহণ কৰিবলৈ তেওঁ সুযোগ লাভ কৰে।

7 / 7

২০১৯ চনৰ আই পি এলত ১০ লাখ টকাৰ দৰত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল ৰিয়ান পৰাগে। ২০২৫-২৬ বৰ্ষৰ IPLত পুনৰ ৰাজস্থান ৰয়েলছত দেখা যাব ৰিয়ানক। ৰিয়ানক ১৪ কোটি টকাত ৰিটেইন কৰিছে ৰাজস্থান ৰয়েলছে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস