11 Sep 2024 18:37 PM
টিম ইণ্ডিয়াৰ টেষ্ট আৰু এদিনীয়াৰ অধিনায়ক ৰোহিত শৰ্মাই ৩৭ বছৰ সম্পূৰ্ণ কৰিলে যদিও তেওঁৰ যাদু এতিয়াও একেই আছে। শেহতীয়াকৈ নিজৰ অধিনায়কত্বত টি-২০ বিশ্বকাপত টিম ইণ্ডিয়াক জয়ী কৰা ৰোহিতে এতিয়া আইচিচিৰ ৰেংকিঙত ৰাজত্ব চলাই আছে।
বুধবাৰে আইচিচিয়ে প্ৰকাশ কৰিছে নতুন ৰেংকিং য’ত ৰোহিত শৰ্মা টেষ্টত ৫ নম্বৰ আৰু এদিনীয়াত ২ নম্বৰত আছে।
বিশ্বৰ একমাত্ৰ বেটছমেন ৰোহিত শৰ্মা যি এদিনীয়া আৰু টেষ্ট দুয়োটা ৰেংকিঙত শীৰ্ষ ৫ ৰ ভিতৰত আছে। এতিয়া ৰোহিতে ৮ দিনৰ পিছত পুনৰ খেলপথাৰত নামিব কৰিব লাগিব য’ত বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলা দেখা যাব।
বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলা ৰোহিত শৰ্মাৰ বাবে সহজ নহ’ব কাৰণ এই দলৰ বিৰুদ্ধে তেওঁৰ ৰেকৰ্ড অতি বেয়া। ৰোহিতে ৩ খন টেষ্টত মাত্ৰ ৩৩ ৰানহে কৰিছে।
পাঁচ বছৰৰ মূৰত বাংলাদেশৰ বিৰুদ্ধে টেষ্ট মেচ খেলিব ৰোহিত শৰ্মাই। শেষবাৰৰ বাবে ইডেন গাৰ্ডেনত বাংলাদেশৰ বিৰুদ্ধে টেষ্ট খেলিছিল, য'ত মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি আউট হৈছিল।